ফিক্সিঙত অভিযুক্ত হোৱাৰ আগলৈ অজয় জাদেজা আছিল ক্ৰিকেট অনুৰাগীৰ নয়নৰ মণি৷ সচাঁকৈ, আজিৰ প্ৰজন্মই নাজানিব পাৰে কিন্তু গত দশকত জাদেজাই আছিল সবাতোকৈ ষ্টাইলিছ ক্ৰিকেটাৰ৷ ফিল্ডিঙৰ ষ্টাইল আৰু বেটিং দক্ষতাৰে জাদেজাই আছিল তেতিয়াৰ বিৰাট কোহলি৷
কিন্তু ফিক্সিঙে তেওঁৰ কেৰিয়াৰ কলংকিত কৰিলে৷ অপৰাধৰ বোজা মূৰ পাতি লৈ জাদেজাই ক্ৰিকেটৰ পৰা ল’বলগীয়া হ’ল নিৰ্বাসন৷
হ’লেও জাদেজা ক্ৰিকেটৰ সৈতেই জড়িত হৈ থাকিল৷ তেওঁৰ প্ৰশিক্ষণতে উত্তৰণ ঘটিল আফগানিস্তান ক্ৰিকেট দলটোৰ৷
এইবাৰ কিন্তু জাদেজা ক্ৰিকেটীয় কথাত চৰ্চিত হোৱা নাই৷ বহুদিন লাইমলাইটৰ পৰা আঁতৰি থকা জাদেজাই সম্প্ৰতি লাভ কৰিছে ৰজাৰ খিতাপ৷ সমান্তৰালকৈ জাদেজা হৈ পৰিছে ১,৪৫০ কোটি টকাৰ সম্পত্তিৰ মালিক৷
আচলতে জাদেজা হৈছে গুজৰাটৰ জামনগৰৰ ৰাজপৰিয়ালৰ সন্তান৷ তেওঁৰ ককাদেউতাক আছিল ৰজা কে এছ ৰঞ্জিতসিংজী৷ যাৰ নামতে ৰঞ্জি ট্ৰফীৰ নামকৰণ কৰা হৈছে৷ একেদৰে জাদেজাৰ আন এজন পূৰ্বজ কে এছ দুলীপসিংজীৰ নামতে চলি আছে দুলীপ ট্ৰফী৷
গতিকে অজয় জাদেজাকে ৰাজবংশৰ বৰ্তমানৰ প্ৰজন্মই উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰিছে৷ সেইসূত্ৰে জাদেজা হৈ পৰিছে ১,৪৫০ কোটি টকাৰ সম্পত্তিৰ গৰাকী৷
বহুদিন চৰ্চাৰ নিলগত থকা জাদেজাই ধনৰ দিশেৰে বিৰাট কোহলিকো অতিক্ৰম কৰিছে৷ ৰাজবংশৰ সম্পত্তিৰ বদৌলতত তেওঁ হৈ পৰিছে দেশৰ অন্যতম চহকী ব্যক্তি৷