স্কুল পঢ়ুৱাবলৈ মাষ্টৰৰ সময় নোহোৱা হ’ল৷
হয়, সচাঁকৈ শিক্ষাৰ্থীক কিতাপৰ পাঠ পঢ়ুওৱাৰ সলনি শিক্ষক-শিক্ষয়িত্ৰী আন কামতহে ব্যস্ত হৈ আছে৷ কিন্তু তাৰ বাবে তেওঁলোকৰ দোষ নাই৷ বিভাগীয় হুকুম শিৰোধাৰ্য কৰিহে তেওঁলোকে বিদ্যালয়ৰ বাহিৰৰ লেঠা মাৰি ফুৰিছে৷
শিক্ষকসকলক এতিয়া আকৌ চৰকাৰে নাচিবলৈ লগাই দিছে৷ নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে অৰ্থাৎ সংক্ষেপে নাছ নামৰ সমীক্ষা কৰিবলৈ দায়িত্ব দিছে মাষ্টৰসকলক৷
তাৰ পিছে আকৌ আছে PATৰ কাম৷ একেলগে শিক্ষকক কৰিবলৈ দিছে কলা উৎসৱৰ কাম৷ আকৌ কাম আছে খেল মহাৰণৰো৷ বীৰ গাঁথা নামৰ নতুনকৈ আৰম্ভ কৰা কাৰ্যক্ৰম সম্পন্ন কৰিবলৈয়ো শিক্ষককে চৰকাৰে দায়িত্ব দিছে৷
নতুন শিক্ষানীতি যেতিয়াৰ পৰাই কাৰ্যকৰী হৈছে প্ৰায় তেতিয়াৰে পৰা ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে গুণোৎসৱ৷
কিন্তু প্ৰশ্ন হয়, এইবোৰ কাম কৰি কেতিয়া শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব?
চৰকাৰৰ নিৰ্দেশ অনুসৰি খেল ভালপোৱা ছাত্ৰয়ো নাচিবলগীয়া হৈছে৷ গান ভাল পোৱাবোৰেও খেলিবলগীয়া হৈছে৷ কাৰণ খেল মহাৰণত কমেও ১৬০ শিক্ষাৰ্থীৰ নাম পঞ্জীয়ন বাধ্যতামূলক৷ কিন্তু এইবাৰ অনাইনত পঞ্জীয়নো কৰিব পৰা হোৱা নাই৷ কিয়নো দুদিনে প’ৰ্টেলৰ ছাৰ্ভাৰ ডাউন হৈ আছে৷
কামৰ তালিকাখন ইয়াতে শেষ হোৱা নাই৷ নতুন শিক্ষানীতি অনুসৰি সাপ্তাহিক মূল্যায়ন, গোট পৰীক্ষা, ছমহীয়া, বছেৰেকীয়া পৰীক্ষা এইবোৰ আছেই৷ শৈক্ষিক কেলেণ্ডাৰ অনুসৰি স্পৰ্শ শিক্ষা, বৃত্তিমূলক শিক্ষা, কাউন্সেলিং আদিৰো নিৰ্দেশ দিয়া হৈছে৷
এইবোৰৰ ফলত ঘানিত ঘূৰা ম’হৰ দৰে অৱস্থা হৈছে শিক্ষকৰ৷
তদুপৰি শাৰদীয় উৎসৱ শেষ হোৱাৰ পিছতে চৰকাৰে যে ৰাষ্ট্ৰীয় লোকপিয়ল আৰম্ভ কৰিব সেয়াও খাটাং৷ গতিকে শিক্ষকসকলেও অঞ্চলজুৰি গণনা কৰিব লাগিব নাগৰিকৰ সংখ্যা৷
গতিকে ৰণোজ পেগু মহোদয়, কিবা এটা কৰক! অন্যথা বিদ্যালয় গুচি ফাইলৰ ভাণ্ডাৰহে থাকিবগৈ৷