ৰাজ অনুগ্ৰহ লাভ কৰিব অসমৰ কৈৱৰ্ত সম্প্ৰদায়ে৷
চৰকাৰৰ নতুন লক্ষ্য হৈছে ৰাজ্যৰ কৈৱৰ্ত সম্প্ৰদায়ৰ লোকসকল৷ অহা নিৰ্বাচনত কৈৱৰ্ত ভোট যাতে একচেতিয়াভাৱে লাভ কৰিব পাৰে তাৰ বাবে শাসকীয় দলে এলানি পৰিকল্পনা প্ৰস্তুত কৰিছে৷ হাজাৰ ক’লেও তথাকথিত উচ্চবৰ্ণই অৱহেলা কৰা কৈৱৰ্তসকলক সন্তুষ্ট কৰিবলৈ বাজপেয়ী ভৱনে গে’মপ্লেন প্ৰস্তুত কৰিছে৷
বিভাজিত কৈৱৰ্ত ভোটবেংক যাতে বিজেপিৰ পক্ষত থিয় হয় তাৰ বাবে লক্ষ্য কৰি লোৱা হৈছে একশৰণ ভাগৱতী সমাজক৷ গতিকে কৈৱৰ্তসকলৰ ধৰ্মীয় অনুষ্ঠানলৈ আৰ্থিক অনুদান ঘোষণাৰ সিদ্ধান্ত লোৱা হৈছে৷
বিগত সময়ত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াক চৰকাৰীভাৱে সন্মানিত কৰাৰ পিছত প্ৰফুল্ল মহন্ত চৰকাৰে একশৰণ ভাগৱতী সমাজৰ আচাৰ্য ইলাৰাম দাসকো সন্মান প্ৰদান কৰিছিল৷ একে ফৰ্মূলাই অৱলম্বন কৰি এজন গুণী-জ্ঞানী কৈৱৰ্ত লোকক মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত লৈছে চৰকাৰে৷
গতিকে অহাবছৰ অসম বৈভৱ অথবা আন ৰাজ্যিক বঁটাৰ যিকোনো এটা কৈৱৰ্ত লোকলৈ আগবঢ়োৱা হ’ব৷ ৰাজ্যৰ বিভিন্ন বজাৰত মাছৰ বেপাৰ কৈৱৰ্ত বেপাৰীৰ বাবে সংৰক্ষণৰো পৰিকল্পনা কৰিছে চৰকাৰে৷
নতুন পৰিকল্পনা অনুসৰি মফচলৰ সকলো বজাৰতে মাছৰ বেপাৰ কৰিবলৈ কেৱল কৈৱৰ্তসকলক অধিকাৰ দিয়া হ’ব৷ মাছৰ মহল আবণ্টনতো অগ্ৰাধিকাৰ দিয়া হ’ব ভূমিপুত্ৰ কৈৱৰ্তক৷