লাইটবোৰ কোনে নিলে?

১০০ বছৰ পুৰণি দলঙৰ দৰে অৱস্থা হৈছেগৈ বগীবিল দলঙৰ৷ পিকেৰে ৰাঙলী হোৱা দলংখনৰ অৱস্থা দেখিলে ধৰিবই নোৱাৰি, মাত্ৰ ৬ বছৰ আগতেহে যে বগীবিল মুকলি কৰা হৈছিল৷ দলৰ পাৰৰ সুৰক্ষা দেৱালখনৰো বৰ্তমান অৱস্থাই নাই৷ তদুপৰি মাজভাগো খোলা ডাষ্টবিনৰ দৰে হৈ পৰিছে৷ মাজত ৰৈ ছেলফি উঠা মানুহৰ সংখ্যা কমাৰ পিছতে দ’ম বান্ধিছে পেলনীয়া পলিথিনে৷
অসমৰ দুটা প্ৰান্তক সংযোগ কৰা বগীবিল দলঙৰ বক্ষ মাজনিশা ঘোকোট আন্ধাৰ হৈ থাকে৷ কাৰণ দলঙত সংস্থাপন কৰা ৬০ শতাংশ লাইট ফিউজ হৈছে৷
তথাপি কিন্তু বগীবিলৰ ষ্ট্ৰীট লাইটৰ বাল্ব সলনি কৰাৰ সময় হোৱা নাই প্ৰশাসনৰ৷ বগীবিলৰ আন্ধাৰ অৱস্থাৰ কথা কেবাদিনো প্ৰশাসনক জনোৱা হৈছে৷ কিন্তু সলনি কৰিবলৈ সময় হোৱা নাই চৰকাৰী কৰ্মচাৰীৰ৷
তদুপৰি এচাম NGOৰ দলং মুকলিৰ পিছতে বগীবিল চাফাই ধুম উঠিছিল৷ তেতিয়া দলং পৰিষ্কাৰ কৰি প্ৰায়ে ফটো উঠিছিল সামাজিক কৰ্মকৰ্তা৷ কিন্তু এতিয়া পৰিষ্কাৰৰ কথা তেওঁলোকেও ক্ৰমে পাহৰি থাকিল৷
আনহাতে বগীবিলৰ পৰা কুলাজানমুখী পথেৰে যাত্ৰাও সম্প্ৰতি এডভেন্সাৰৰ দৰে হৈ পৰিছে৷ হিমালয়মুখী পথতকৈয়ো কষ্টকৰ হৈ পৰিছে লখিমপুৰৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email