বাগিচাত কোটিটকাৰে মন্দিৰ নিৰ্মাণ

চাহ বাগিচাবোৰৰ পৰিৱেশ সলনি হৈছে৷ অৱশ্যে শিক্ষা-দীক্ষাৰ দিশৰ পৰা বাগিচাৰ বনুৱাৰ অৱস্থা সলনি হোৱা নাই৷ বিজেপি চৰকাৰৰ দিনত শ্ৰমিকৰ মজুৰীও বঢ়া নাই৷ কিন্তু চাহ বাগিচাত মন্দিৰ বাঢ়িছে৷
আপুনি হয়তো আচৰিত হ’ব, চৰকাৰী পৃষ্ঠপোষকতাৰে অসমৰ কেবাখনো চাহ বাগিচাত মন্দিৰ সজা হৈছে৷ অশিক্ষিত শ্ৰমিকসকলক ধৰ্মৰ বাবে উন্মাদ কৰি তুলিবলৈ চলোৱা হৈছে চেষ্টা৷
বিগত এমাহজুৰি আমি উজনিৰ ৮০ শতাংশ বাগিচাৰ পৰা খবৰ লাভ কৰিছোঁ, য’ত স্থানীয় বিধায়কৰ পৃষ্ঠপোষকতাত মন্দিৰ সাজি থকা হৈছে৷ আনকি বাগিচাৰ প্ৰতিটো লাইনতে নিৰ্মাণ কৰা হৈছে মন্দিৰ৷ সুকীয়াকৈ প্ৰতিজন দেৱতাৰ নামতে মন্দিৰ নিৰ্মাণ কৰা হৈছে৷
কিন্তু এইবোৰ বাগিচাত শ্ৰমিকৰ প্ৰাথমিক প্ৰয়োজন কৰিবলৈয়ো ৰাজহুৱা বা ব্যক্তিগত অনুষ্ঠান নাই৷ পকী টাইলছ লগোৱা বৃহৎ মন্দিৰ আছে, কিন্তু কেবাখনো বাগিচাৰ ভিতৰুৱা লাইনত নাই স্কুল৷ একেদৰে শ্ৰমিকে চৰকাৰী ঘৰ অথবা শৌচাগাৰৰ সুবিধাও লাভ কৰা নাই৷
তথাপি মন্দিৰ সাজিছে একাংশ বিধায়কে৷ ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ সময় যিমানে চমু চাপিছে সিমানে বাঢ়িছে মন্দিৰ নিৰ্মাণৰ ধুম৷ আনকি বাগিচাত কোটি টকা খৰচ কৰিও জগন্নাথ মন্দিৰৰ আৰ্হিৰে মন্দিৰ সজা হৈছে৷
উজনিৰ বাগিচা হৈ পৰিছে মন্দিৰময়৷ বিধায়কে মন্দিৰ সাজিবলৈ পইচা দিছে৷ কিন্তু দিয়া নাই মৌলিক প্ৰয়োজন পূৰণৰ সম্বল৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email