লাহে লাহে গেলিছে পূজাস্থলীৰ কলগছ৷ পাত-পটুৱাবোৰো ৰ’দৰ ফলত পচিবলৈ ধৰিছে৷ কেইদিনমান আগলৈ লোকে-লোকাৰণ্য হৈ থকা পূজাস্থলীৰ কাষেৰে বৰ্তমান মানুহ যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে৷
চহৰীয়া এলেকাৰ পূজাস্থলী ধনৰ বিনিময়ত পৌৰকৰ্মীয়ে পৰিষ্কাৰ কৰিছে৷ পিছে মফচলীয় নগৰত পূজাৰ আবৰ্জনাই পৰিৱেশ দূষিত কৰিছে৷
পূজাৰ সময়ত ভোজ-ভাতৰ বাবে ব্যৱহৃত সামগ্ৰীও সিঁচৰতি কৰি পেলাই থৈছে দায়িত্ব জ্ঞানহীন আয়োজকে৷ পূজা পাতিলে, খালে, খুৱালে আৰু সকলো শেষ হৈ গ’ল বুলি ভবা আয়োজকৰ বাবে বৃহৎ এলেকাই ডাষ্টবিনৰ ৰূপ ধাৰণ কৰিছে৷
একেদৰে বাটৰ কুকুৰৰ ৰম্যপুৰী হৈ পৰিছে পৰিত্যক্ত পূজাস্থলী৷ চাফাইৰ বাবে চৰকাৰী নিৰ্দিষ্ট নিয়মাৱলী নথকাৰ পৰিপ্ৰেক্ষিতত কোনোটো পথেৰে মানুহ যাব নোৱাৰা হৈছে৷
দ’ম দ’ম গিলাচ, বাচন আৰু পেলনীয়া খাদ্যই ভয়ংকৰভাৱে দূষিত কৰিছে পৰিৱেশ৷