পাৰিলে এপাক মাৰিব, শোণিতপুৰীয়াই কঁহুৱা উৎসৱ পাতিছে৷ বতাহত হালি-জালি ফুলি থকা কঁহুৱাই নিমিষতে ফৰকাল কৰি পেলাব আপোনাৰ বেদনাক্লিষ্ট মন৷
মলয়াৰ সৈতে তাল মিলাই নাচি থকা জাপ জাপ কঁহুৱাই আপোনাক বেজাৰ কৰি থাকিবলৈ নিদিয়ে৷ জীয়াভৰলীৰ পাৰ দেওলগা কৰি পেলোৱা কঁহুৱাৰ মাজতে আপুনি সুৰ বুলি বুৰ মাৰিব পাৰিব৷
কঁহুৱানিৰ মাজেৰে গৈ থাকিলে আপুনি গৈয়েই থাকিব পাৰিব অবিৰাম, কোনেও আপোনাক পিছৰ পৰা নামাতে৷ জীয়াভৰলীৰ জলকুঁৱৰীয়েও আগভেটি নধৰে৷
গতিকে পাৰিলে এপাক মাৰিবচোন, কঁহুৱাৰ চাদৰ দেখি পাহৰি যাবও পাৰে বুকুৰ বেদনা৷
কিন্তু কথা এষাৰো কৈ থওঁ
অহা নৱেম্বৰত ছিলঙত আয়োজন কৰা হৈছে চেৰি ব্ল’জম মহোৎসৱ৷ একেদৰে লিলী ফুলৰ বতৰতো পতা হৈছে পুষ্পকেন্দ্ৰিক উৎসৱ৷
কিন্তু অসম কঁহুৱাই সুসজ্জ্বিত কৰি তোলাৰ সময়তো আমি একোৱেই কৰা নাই৷ অপৰূপ সৌন্দৰ্যৰ সাক্ষ্য ৰাখি বহুতে ফটো উঠিছে৷
গতিকে আমিও পাতো আহক কঁহুৱা উৎসৱ৷
জলকুঁৱৰীয়েও আপোনাক দিব মাত
