এপইচাও বিনিয়োগ কৰিব নালাগে, কিন্তু দিনে এঘণ্টা ব্যৱসায় কৰিয়েই উপাৰ্জন কৰিব পাৰে কমেও ৫০০ টকা৷
এই বিশেষ ব্যৱসায়টোত জড়িত হৈ আছে পূৰ্বে ৰিক্সা অথবা ঠেলা চলোৱা বিহাৰী মজদুৰ৷ বয়সে ভটিওৱাৰ পিছত শ্ৰম কৰিব নোৱাৰা বিহাৰীয়ে পণ্ডিতজীৰ ৰূপ ধাৰণ কৰিছে৷ অস্ফূট স্বৰেৰে মন্ত্ৰ মাতি তেওঁলোক হঠাৎ শাস্ত্ৰজ্ঞ হৈ পৰিছে৷
প্ৰতিদিনে পুৱাই দোকানীক আশীৰ্বাদ দি ১০ টকা-২০ টকা কালেকশ্যন কৰা পূজাৰীৰ বিষয়ে আমি অসমৰ প্ৰতিখন নগৰতে খবৰ কৰিছিলোঁ৷ চৰজমিন অধ্যয়নত আমি লাভ কৰা তথ্য অনুসৰি সদায় পূজা দোকান শুদ্ধিকৰণ কৰা পূজাৰীৰ শতকৰা ১০০ শতাশই হৈছে বিহাৰী৷ এজনো অসমীয়া পূজাৰী বিংবিং-বাংবাং মন্ত্ৰ মাতি দোকানৰ পৰা পইচা লোৱাৰ বৃত্তিত জড়িত নহয়৷
বৰ্তমান পণ্ডিতজী বুলি নিজৰ চিনাকি দিয়া পিত বস্ত্ৰধাৰী পূজাৰীসকলে আকৌ নিজা এলেকাত পূ্বে ৰিক্সা বা ঠেলা চলাইছিল৷ কিন্তু বৰ্ধিত বয়সৰ বাবে তেওঁলোকে কাম কৰিব নোৱাৰা হ’ল৷ তাৰ পিছতে ৰূপ ধৰিলে পণ্ডিতজীৰ৷
আনহাতে প্ৰতিদিনে এখন সৰু চহৰতে পণ্ডিতজীয়ে হাতত ঘট আৰু কেইপাহমান ফুল লৈ কমেও ৫০ খন দোকানত পাক মাৰে৷ পানী ছটিয়াই দোকানীক ফোট আৰু ফুল দি তেওঁলোকে প্ৰতিখন দোকানৰ পৰাই কমেও ১০ টকাকৈ দক্ষিণা পায়৷
সেইমতেই পুৱাৰ ভাগতে এপাৰ মাৰিয়েই পণ্ডিতজীয়ে লাভ কৰে কমেও ৫০০কৈ টকা৷ তাৰ পিছৰখিিন আপোনালোকে ভাবক৷