গান্ধী পৰিয়ালৰ সৈতে থকা ঘনিষ্ঠতাৰ সূত্ৰে বিৰোধী দলপতি পদত অধিষ্ঠিত হৈ আছে দেৱব্ৰত শইকীয়া৷ কিন্তু অসমৰ কংগ্ৰেছী ৰাজনীতিত তেওঁক পাত্তাই নিদিয়ে কোনেও৷ দিল্লীৰ ভয়ত কথা পাতs, কিন্তু ৰাজীৱ ভৱনৰ সভাতো শইকীয়া হৈ থাকে গুৰুত্বহীন৷
কংগ্ৰেছী ৰাজনীতিত জিণ্টু বুলিয়েই পৰিচিত হিতেশ্বৰ শইকীয়াৰ অমায়িক পুত্ৰ আকৌ এবাৰ চক্ৰবেহুত সোমাই পৰিছে৷
কিন্তু সৰ্বত্ৰ অসন্তুষ্টিৰ পিছতো সফল নোহোৱাত ফে’চবুকতে ক্ষোভ উজাৰিছিল দেৱব্ৰতে৷ পিছে কংগ্ৰেছী ৰাজনীতিত নিশ্চিত হৈছে বিৰোধী দলপতি শইকীয়াৰ নিঃসংগতা৷
বিগত সময়ত দেৱব্ৰত বিৰোধী দলপতি হোৱাৰ পিছতে দিল্লীত অভিযোগ দিবলৈ গৈছিল ৰকিবুল হুছেইন৷ সেই সময়ত ৰকিবুল পক্ষেই আছিল তেতিয়াৰ কংগ্ৰেছী অজন্তা নেওগো৷
দিল্লীত পিছে তেওঁলোকে দেৱব্ৰতৰ একো হানি কৰিব নোৱাৰিলে৷ পিছে অসমলৈ আহি অপমান কৰিলে দেৱব্ৰতক৷ আনকি মাইকৰ সন্মুখত কথা ক’বলৈয়ো অজন্তা নেওগে সুযোগ দিয়া নাছিল তেওঁক৷
তাৰ পিছত অজন্তা বিজেপিলৈ গ’ল যদিও অব্যাহত থাকিল দেৱব্ৰত বিৰোধী অভিয়ান৷ ভদ্ৰলোক হিচাপে পৰিচিত দেৱব্ৰতক পদৰ পৰা নমাবলৈ এতিয়া ৰকিবুলৰ নেতৃত্বত আৰম্ভ হৈছে কংগ্ৰেছী কুৎসিত ৰাজনীতি৷
যদি অভিযানত ৰকিবুল সফল হয় তেন্তে অসমৰ পৰা বিলুপ্ত হৈ যাব ভদ্ৰলোকৰ ৰাজনীতি৷