RSSৰ বলতে জিকিল BJP

বৰ বেছি দিনৰ কথা নহয়, জে পি নড্ডাই হঠাতে ঘোষণা কৰিছিল- বিজেপিক বৰ্তমান ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দৰকাৰ নাই৷ দল হিচাপে বিজেপি স্বয়ংসম্পূৰ্ণ৷ গতিকে সংঘৰ প্ৰতিপালন সম্প্ৰতি অনাৱশ্যকীয়৷
নড্ডাই সেই দাম্ভিক মন্তব্য ঠিকেই কৰিলে, তাৰ পিছতে কিন্তু লোকসভা নিৰ্বাচনত বিজেপি বিপৰ্যস্ত হ’ল৷ জন্মদাতা সংগঠনক অৱজ্ঞা কৰাৰ পৰিণাম দলে ঠিকেই ভোগ কৰিলে৷
তাৰ পিছতে ঊৰ্ধ্বত নেতাক লেকাম লগাই আকৗ বিজেপিৰ কমাণ্ড নাগপুৰলৈ নিলে আৰ এছ এছে৷ লোকসভা নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিব নোৱাৰাৰ পিছত দলৰ সকলো ৰাজনৈতিক কাৰ্যক্ৰম সংঘৰ সৈতে আলোচনাৰ পিছতহে নিৰ্ধাৰণ নিয়ম কৰিলে নেতৃত্বই৷
আনহাতে কুৰুক্ষেত্ৰৰ চহৰ হাৰিয়ানাত মোদীক ৰথৰ সাৰথি হ’বলৈ নিদিলে সংঘই৷ বিজেপি প্ৰাৰ্থীক ৰথত উঠাই শ্ৰীকৃষ্ণৰ দৰেই সাৰথি হ’ল মোহন ভগৱত৷
অভ্যন্তৰীণ সূত্ৰৰ খবৰ অনুসৰি হাৰিয়ানাত ষ্টাৰ কেম্পেইনাৰৰ উপৰি প্ৰাৰ্থী বাছনিতো আৰ এছ এছৰ আছিল মুখ্য ভূমিকা৷ দলৰ প’ষ্টাৰৰ পৰা মোদীৰ ফটো আঁতৰায়ো সংঘই এইবাৰ সম্পৰীক্ষা কৰিছিল৷ প্ৰধানমন্ত্ৰীৰ নৰম হিন্দুত্ববাদৰো বিৰোধী আছিল সংঘ৷
সেয়ে যোগী আদিত্যনাথ আৰু হিমন্ত বিশ্ব শৰ্মাক কট্টৰ হিন্দুত্বৰ প’ষ্টাৰ বয় হিচাপে বাছনি কৰা হৈছিল৷ নাগপুৰে জৰী টানি ধৰাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ মুখ্য কাৰ্যালয় হৈ পৰিছিল অসহায়৷ গৃহমন্ত্ৰী অমিত শ্বাহকো হাৰিয়ানাত বিশেষ দায়িত্ব দিয়া নাছিল সংঘই৷
সম্পূৰ্ণ নিজা ৰণনীতিৰে ৰাজ্যখনত বিজেপিক নিৰ্বাচন খেলাই সংঘ সফল হ’ল৷ অৰ্থাৎ আকৗ বিজেপিৰ নিয়ন্ত্ৰণ আৰ এছ এছে কাঢ়ি ল’লে৷ ফণীন্দ্ৰনাথ শৰ্মাৰ দৰে প্ৰাক্তন প্ৰচাৰকক ময়দানত নমাই সংঘই খেলি দিলে হিন্দুত্বৰ খেল৷ মোহন ভাগৱতৰ প্ৰত্যক্ষ নিৰ্দেশ কাৰ্যকৰী কৰি শৰ্মাই বিজেপিক দিলে সফলতা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email