অসমৰ বোৱাৰীকো ভোট দিলে হাৰিয়ানাৰ ভোটাৰে৷ ঘোষিত ফলাফল অনুসৰি হাৰিয়ানাৰ তোষাম সমষ্টিত বিজয়ী হ’ল বিজেপিৰ শ্ৰুতি চৌধুৰী৷ এইগৰাকী বিজয়ী প্ৰাৰ্থীৰ সৈতে অসমৰ সম্পৰ্ক আছে৷ তেওঁ হাৰিয়ানাৰ জীয়ৰী, কিন্তু বিবাহসূত্ৰে অসমৰ বোৱাৰী৷
শ্ৰুতি চৌধুৰী হৈছে ছুপ্ৰিম ক’ৰ্টত ওকালতি কৰা অসমীয়া অধিবক্তা অৰুণাভ চৌধুৰীৰ পত্নী৷ তেওঁক হাৰিয়ানাৰ ৫৮ নং তোষাম বিধানসভা সমষ্টিত বিজেপিয়ে টিকট দিছিল৷
অসমৰ বোৱাৰীয়ে এঘড়ী যুঁজি নিৰ্বাচনত বিজয় অৰ্জন কৰিছে৷ আনহাতে নৱনিৰ্বাচিত বিধায়িকা শ্ৰুতিয়ে বৰদেউতাক তথা BCCIৰ প্ৰাক্তন সভাপতি ৰণবীৰ সিং মহেন্দ্ৰৰ পুত্ৰ তথা যোৱাবাৰৰ কংগ্ৰেছ বিধায়ক অনিৰুদ্ধ চৌধুৰীক ১৪,২৫৭ ভোটত পৰাজিত কৰিছে।
শ্ৰুতিৰ মাতৃ কিৰণ চৌধুৰী চলিত বিধানসভালৈ বিধায়ক আছিল৷ তেওঁ পিতৃ সুৰেন্দ্ৰ সিঙো আছিল সাংসদ আৰু বিধায়ক। শ্ৰুতি হৈছে হাৰিয়ানাৰ একালৰ অখণ্ড প্ৰতাপী নেতা বংশীলালৰ নাতিনী৷
তেওঁৰ পিতৃ সুৰেন্দ্ৰ সিং আৰু BCCIৰ প্ৰাক্তন সভাপতি ৰণবীৰ সিং মহেন্দ্ৰ হৈছে সহোদৰ৷ এই ৰণবীৰ সিং মহেন্দ্ৰৰ পুত্ৰকে এইবাৰ শ্ৰুতিয়ে পৰাস্ত কৰিছে৷ তেওঁ ককাদেউতাক বংশীলালে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে ১৫ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল৷ তদুপৰি আছিল কেন্দ্ৰীয় মন্ত্ৰী৷
আনহাতে শ্ৰুতি চৌধুৰী ২০০৯ চনত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে ভিৱানীৰ পৰা লোকসভালৈয়ো নি্বাচিত হৈছিল৷ এইবছৰহে তেওঁ মাতৃৰ সৈতে বিজেপিত যোগ দিছে৷ হাৰিয়ানাৰ কংগ্ৰেছী ভূপিন্দৰ সিং হুদাৰ বাবে তেওঁ কৰিছে দলত্যাগ৷
শ্ৰুতিৰ মাতৃকো বিজেপিয়ে ইতিমধ্যে ৰাজ্যসভালৈ নিৰ্বাচিত কৰিছে৷ আনহাতে ২০০৩ চনতে অসমৰ বোৱাৰী হৈছিল শ্ৰুতি৷ তেওঁ দিল্লীত কমৰ্ত অসমৰ অধিবক্তা অনিৰুদ্ধ চৌধুৰীৰ পত্নী৷ বিবাহসূত্ৰে শ্ৰুতি প্ৰাক্তন ন্যায়ধীশ ধীৰেশ নাৰায়ন চৌধুৰীৰ বোৱাৰীয়েক।