অসমত এতিয়াৰ পৰাই আৰম্ভ হৈছে ভৱিষ্যতৰ মুখ্যমন্ত্ৰীৰ বিষয়ে চৰ্চা৷ কংগ্ৰেছ জিকিলে কোন মুখ্যন্ত্ৰী হ’ব সেয়া ৰাজীৱ ভৱনৰ চৰ্চিত বিষয়৷ কাৰোবাৰ মতে ভূপেন, কাৰোবাৰ মতে গৌৰৱ হ’ব মুখ্যমন্ত্ৰী৷
সেই একে পৰিস্থিতিয়েই হৈছিল হাৰিয়ানাত৷ জাট ষ্ট্ৰংমেন বুলি পৰিচিত ভূপিন্দৰ সিং হুদাই নিয়ন্ত্ৰণ কৰিছিল কংগ্ৰেছ৷ তাৰ পিছত মুখ্যমন্ত্ৰী পদৰ বাবে উচ্চাৰিত হৈছিল কুমাৰী শৈলজা, উদয় ভান, দীপেন্দৰ সিং হুদা বহুতৰে নাম চৰ্চিত হৈ পৰিছিল৷
তেওঁলোকে আনকি দিল্লীতে নিজৰ নাম প্ৰস্তাৱ কৰিছিল৷ ছোনিয়া গান্ধীৰ ঘৰলৈ সোঁত বৈছিল কংগ্ৰেছীৰ৷ পিছে গছত কঁঠাল থাকোঁতেই ওঁঠত তেল সানি বিপাঙতহে পৰিল নেতাগণ৷ শেষত কংগ্ৰেছেই হাৰি থাকিল৷
এতিয়া অসমতো একেই পৰিস্থিতি
আনহাতে অসমত ৰাণা গোস্বামী আৰু মানস বৰাৰ দৰেই হাৰিয়ানাত অৱস্থা হ’ল অশোক তানৱাৰৰ৷ চাৰিদিনৰ আগলৈ তেওঁ আছিল বিজেপি নেতা৷ ১.৪৫ বজালৈ বিজেপৈ হৈ থকা তানৱাৰে এঘণ্টাৰ ভিতৰতে ঘৰ ৱাপছী কৰি পুৰণি দল কংগ্ৰেছত যোগ দিলে৷
সমীক্ষকে কংগ্ৰেছে হাৰিয়ানা দখল কৰিব বুলি অনুমান কৰাৰ পিছতে জিভা লকলকাবলৈ ধৰিলে তানৱাৰৰ৷ পিছে লোভত পৰি ইকুলো গ’ল সিকুললো হেৰুৱালে তানৱাৰে৷
সেয়ে সম্ভৱ কোৱা হয়- ৰাজনীতি ধৈৰ্যৰ খেল…