হাৰিয়ানাৰ বিজয় অসমত হ’ব পাৰে কাৰোবাৰ পৰাজয়

হাৰিয়ানাৰ নিৰ্বাচনী ফলাফলে প্ৰভাৱিত কৰিছে অসমৰ ৰাজনীতি৷ সুদূৰৰ হাৰিয়ানাত বিজেপিৰ বিজয়ে পুনৰ জীৱন প্ৰদান কৰিছে অসমৰ এজন নেতাক৷ কুটিল ৰাজনীতিৰ পাকচক্ৰত সোমাই পৰা নেতাজনৰ পুনৰ আগমনৰ পথো হৈ পৰিছে প্ৰশস্ত৷ দিল্লীক নিজৰ দক্ষতা দেখুৱাই দিয়া নেতাজন হৈছে ফণীন্দ্ৰনাথ শৰ্মা৷
পুৰণি কৰ্মকৰ্তাই জানে, একালত অসমত বিজেপি মানেই আছিল ফণী শৰ্মা৷ তেতিয়া মাজে মাজে অসমলৈ আহিছিল প্ৰমোদ মহাজন৷ বাকী বিষয়ববীয়াসকলৰ ভিতৰত জনাজাত আছিল ইন্দ্ৰমণি বড়া, নাৰায়ণ বৰকটকী, বিজয়া চক্ৰৱৰ্তী আদি৷
তেতিয়া বিজেপিৰ অফিচলৈ কোনো নাযায়, কিন্তু আন্ধাৰে-মুন্ধাৰে বহি থাকে কেৱল ফণী শৰ্মা৷ সকলো নিৰ্বাচনতে বিজেপি হাৰে, তাৰ পিছতো অফিচ ৰখীয়া হৈ থাকে ফণী শৰ্মা৷
RSSয়ে বিজেপিলৈ প্ৰেৰণ কৰা সৰুফুটীয়া প্ৰাক্তন প্ৰচাৰকজন কিন্তু বিজেপিৰ অসম দখলৰ অন্যতম কাৰিকৰ৷ সাংগঠনিক সাধাৰণ সম্পাদক হৈ বিজেপিক অসমত জীৱন দান কৰা শৰ্মা কিন্তু ক্ৰমে শক্তিশালী পক্ষৰ ৰোষত পৰিছিল৷ সেয়ে অসমৰ পৰা তেওঁক দিয়া হৈছিল হাৰিয়ানাৰ দায়িত্ব৷
এতিয়া সৰুফুটীয়া ফণী শৰ্মাই হাৰিয়ানাতো দক্ষতা প্ৰতিপন্ন কৰিলে৷ তেওঁৰ কৌশল যে সৰ্বত্ৰ কাৰ্যকৰী সেয়াও প্ৰমাণিত হ’ল৷ এতেকে ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে ফণী শৰ্মাৰ অসম আগমনো হৈ পৰিল নিশ্চিত৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email