শ্ৰীকৃষ্ণৰ দৰেই হিমন্ত!

বহু ভোট পণ্ডিতে কৈছে- গ্ৰাউণ্ড লেভেলত নিষ্ঠাৰে কাম কৰাৰ বাবে হাৰিয়ানাত বিজেপি সফল হ’ল৷ RSS আৰু বিজেপি নেতাই নীৰৱে তৃণমূল পৰ্যায়ত কাম কৰাৰ ফল দলে লাভ কৰিছে বুলিও ৰাজনৈতিক ধাৰাভাষ্যকাৰে অভিহিত কৰিছে৷ কিন্তু শুনক, অসমত যেতিয়া কংগ্ৰেছ চৰকাৰৰ ১০ বছৰ হৈছিল তেতিয়া আহিছিল ৰাহুল গান্ধী৷ সেইসময়তে ৰাহুলে কৈছিল, দেশৰ ভিতৰতে অসম আৰু কেৰালাতে কংগ্ৰেছৰ গণভিত্তি সৰ্বাধিক মজবুত৷ দুইখন ৰাজ্যতে কংগ্ৰেছৰ শক্তিশালী সংগঠন আছে৷ তাৰ পিছত কি হ’ল? সৰ্বাধিক গণভিত্তি থকা অসম আৰু কেৰালাতে কংগ্ৰেছ ধূলিস্যাৎ হৈ গ’ল৷ অসমৰ কথা বাদেই, হিন্দুত্বৰ প্ৰভাৱহীন কেৰালাতো কংগ্ৰেছ ১০ বছৰে ক্ষমতাৰ বাহিৰত আছে৷ গতিকে কেৱল গণভিত্তিৰ কথা কৈয়েই কংগ্ৰেছে ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰিব পাৰিবনে? গ্ৰাউণ্ড লেভেলৰ শক্তিৰ অজুহাত দিয়েই ভোট পণ্ডিতে বিজেপিৰ বিজয়ৰ কথা কোৱাটো কিমান যুক্তিযুক্ত? সাধাৰণ বাতৰিৰ পৰিসৰ বাহিৰলৈ গৈয়ো আমি ক’ব পাৰোঁ- বিজেপিক বেয়া পালেই ভোটাৰে কংগ্ৰেছক সমৰ্থন কৰিব বুলি আশা কৰাটো ভুল৷ কাৰণ দেশৰ সৰহভাগ ৰাজ্যকে বিগত সময়ত কংগ্ৰেছেই শাসন কৰিছিল৷ সেইসময়ত প্ৰভাৱশালী মন্ত্ৰীসকলেই বৰ্তমানো কংগ্ৰেছৰ নেতা৷ তেওঁলোকৰ কলংকৰ দাগ এতিয়াও ৰাইজে পাহৰা নাই৷ গতিকে কংগ্ৰেছ বা বিৰোধীৰ প্ৰথম কামটো হ’ব মুথ সলনি৷ যিসকল কংগ্ৰেছী বিজেপিত যোগ দি সফল হৈছে তেওঁলোক কেৱল হিন্দুত্বৰ বলত ৰাজনৈতিকভাৱে জীয়াই আছে৷ দৰাচলতে কংগ্ৰেছক বিজেপিৰ বিকল্প বুলিয়েই ৰাইজে গণ্য নকৰে৷ ক্ষমতাত নাথাকোতেই মুখ্যমন্ত্ৰী হ’বলৈ লুভীয়া কংগ্ৰেছীৰ যি উৎপাত সেয়াই ৰাইজক অতীতলৈ মনত পেলাই দিয়ে৷ মধ্যবিত্ত সংসদী সপোন দেখা ভোটাৰে কেতিয়াও বৰ্তমানৰ কংগ্ৰেছী নেতাসকলক ভোট নিদিয়ে, এয়া খাটাং৷ গতিকে বিজেপিৰ বিকল্প হ’ব পাৰে এক গণজাগৰণ৷ দল নহয়৷

   সমীক্ষাত বিজেপিৰ বিপৰ্যয়ৰ সংকেতেও বিচলিত কৰিব পৰা নাছিল হিমন্ত বিশ্ব শৰ্মাক৷ হাৰিয়ানাত ধাৰাবাহিকভাৱে প্ৰচাৰ চলোৱা অসমৰ মুখ্যমন্ত্ৰীক নিৰ্বাচনী দায়িত্ব সঁপি দিছিল হাইকমাণ্ডে৷ ৰাজ্যখনৰ জটিল প্ৰেক্ষাপটত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ শৰ্মাক দিল্লীয়ে সুযোগ দিছিল৷ তেওঁৰ আৰ্হিতহে ৰাজ্যখনত হিন্দুত্বৰ জয়ঢোল বজাই ভাষণ দিছিল প্ৰধানমন্ত্ৰীয়ে৷ ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰচাৰৰ অন্তিমটো দিনতো হাৰিয়ানাতে আছিল ড: শৰ্মা৷ উত্তৰ-পূবৰ চাণক্যই বুজি পাইছিল হাৰিয়ানভী ৰাজনীতিৰ হৃদস্পন্দন৷ এতেকে নিজৰ স্থিতিত তেওঁ অটল হৈ আছিল৷ সৰ্বশেষত ড: শৰ্মাৰ দাবীয়েই সত্য প্ৰমাণিত হ’ল৷ হাৰিয়ানাত জিকিল বিজেপি৷ এতেকে সৰ্বভাৰতীয় ৰাজনীতিত অধিক হৈ পৰিল অসম মুখ্যমন্ত্ৰীৰ গ্ৰহণযোগ্যতা৷ খিলঞ্জীয়াৰ সংখ্যা হ্ৰাস, সুশাসন আদি ইছ্যুত তেওঁ ধাৰাষাৰ প্ৰচাৰ চলাই সফলতা অৰ্জন কৰিলে৷ বিগত সময়তো কেবাখনো ৰাজ্যত দলৰ হৈ প্ৰচাৰ চলোৱা শৰ্মাই প্ৰায় ৮টাকৈ সমষ্টিৰ দায়িত্ব এইবাৰ গ্ৰহণ কৰিছিল৷ তাৰে ভিতৰত ৮০ শতাংশ আসনতে বিজেপি জিকিল৷ অৰ্থাৎ এইবাৰ হিন্দী বলয়ৰ ৰাজনীতিতো সমাদৃত হ’ল অসমৰ মুখ্যমন্ত্ৰী৷ আকৌ দিল্লীৰ ৰাজধানীতো গুৰুত্ব বৃদ্ধি পালে হিমন্ত বিশ্ব শৰ্মাৰ৷ অসমৰ মুখ্যমন্ত্ৰীৰ হিন্দুত্ববাদী ইমেজৰ তুলনা হ’ল যোগী আদিত্যনাথৰ সৈতে৷ ৰাষ্ট্ৰীয় ৰাজনীতিত হিমন্তময় হ’ল বিজেপি৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email