বিজয়াৰ বিফল সন্ধ্যাত নাকান্দে ভক্তই

দেৱকান্তই সেই তাহানিতে কৈছিল- তুমি নুবুজিবা সখী! কিনো বেদনাত ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ বিফল সন্ধ্যাত! কিন্তু নগাঁৱত ষষ্ঠীত প্ৰতিষ্ঠা কৰা এভাগ দেৱীক কেতিয়াও দশমীত বিসৰ্জন দিয়া নহয়৷ একেৰাহে ১৩৮ বছৰ একেভাগ প্ৰতিমাকে বেদীত প্ৰতিষ্ঠা কৰি কৰা হৈছে পূজা৷ এইবাৰ ১৩৯ সংখ্যক বছৰৰ বাবে পাটত বহুওৱা হৈছে চিৰস্থায়ী দুৰ্গাক৷
স্থায়ী প্ৰতিমাভাগৰ খনিকৰৰ নাম লেৰেলা খনিকৰ ওৰফে লেশধৰ শৰ্মা৷
তেওঁ শতিকাপূ্বে নিৰ্মাণ কৰা কাঠৰ প্ৰতিমাৰে প্ৰায় ১৯০০ চনৰ পৰা উদযাপিত হৈ আহিছে দুর্গোৎসৱ৷ পুৰণিগুদামৰ ঘাইপথৰ দাঁতিত আৰু কলং সুঁতিৰ পাৰৰ স্থায়ী পূজা মণ্ডপত উদযাপিত হৈ আহিছে বিশেষ পূজাখন৷
১৮৮৫ চনৰ পৰা অনুষ্ঠিত পুৰণিগুদামৰ দুর্গোৎসৱত প্ৰথমে লেশধৰ শৰ্মাই প্ৰস্তুত কৰা মৃণ্ময় প্রতিমাৰে পূজা কৰা হৈছিল৷ পিছে বিজয়া বিফল সন্ধ্যাৰ বেদনাই কাতৰ কৰা লেৰেলা খনিকৰে সাধাৰণ সজুলি ব্যৱহাৰ কৰি স্থায়ীভাৱে কাঠৰ দেৱী প্রতিমা নিৰ্মাণ কৰিছিল৷
১৯০১ চনৰ পৰা বৰ্তমানলৈকে লেৰেলা খনিকৰ সৃষ্ট এই কাঠৰ দেৱ-দেৱীৰ প্ৰতিমাত পূজা-অৰ্চনা কৰি অহা হৈছে। শিল্পী লেৰেলা খনিকৰ সৃষ্ট কাঠৰ প্ৰতিমাসমূহৰ জোৰাসমূহ ইমানেই নিখুঁত যে সাধাৰণ দৃষ্টিত সেয়া ধৰা নপৰে। তেওঁ বেল, ঘোঁৰা নিম আৰু আঢ়ৈ গছৰ কাঠেৰে মূৰ্তিসমূহ নিৰ্মাণ কৰি উলিয়াইছিল।
নিৰ্মাণৰ সময়ত মহিষাসুৰৰ মূৰ্তিৰ বাবে কাঠৰ অভাৱ হৈছিল৷ তেতিয়া তেওঁ কলং সুঁতিয়েদি উটি অহা এডাল স্বপ্নপ্ৰদত্ত কাঠৰ দ্বাৰা মূৰ্তি নিৰ্মাণৰ কাম সমাধান কৰিছিল। মূর্তি নিৰ্মাণৰ বিভিন্ন কামত তেওঁ ব্যৱহাৰ কৰিছিল বেলৰ আঠা, উঁই মাটি, ছাগলীৰ লাদ আৰু হেঙুল-হাইতাল। বৰ্তমান লেৰেলা খনিকৰৰ আজোনাতি যোগেন শৰ্মাই প্ৰতি বছৰে ৰং-বৰণ সানি প্ৰতিমাসমূহক ন-ৰূপ প্ৰদান কৰি আহিছে।
এইবাৰো পুৰণিগুদামত অৰ্চনা কৰা হৈছে লেৰেলা খনিকৰৰ কাঠৰ মূৰ্তিক৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email