দেশৰ ৰাজনীতিত আপ Down

এটা কথা মন কৰিছেনে, উত্থানৰ পিছত দেশব্যাপী পতন ঘটিছে আম আদমী পাৰ্টীৰ৷ যেনে আপ হৈছিল, তেনেকৈ ডাউনো হৈছে৷
অসমৰ কথাকে ভাবক৷ শিক্ষিতৰ দল হিচাপে প্ৰথমে আপে ৰাইজৰ ঠিকে সমাদৰ পাইছিল৷ পিছে আপো যে কোনো পৱিত্ৰ সংগঠন নহয় সেয়া প্ৰতিপন্ন হৈ গ’ল৷ আন দলৰ দৰেই বুলি ৰাইজক গম দি আপৰ নেতাসকল খোৱা-কামোৰাত লাগিল৷
সেইটো দলৰে চৰকাৰ চলি আছে পঞ্জাবত৷ কিন্তু একেটা দলেই হাৰিয়ানাত প্ৰতিদ্বন্দ্বিতা কৰি ধূলিস্যাৎ হৈ গ’ল৷ আপ যে ইমান ডাউন হ’ব সেয়া সম্ভৱতঃ নেতৃত্বয়ো ভবা নাছিল৷
অৰবিন্দ কেজৰিৱালৰ গৃহৰাজ্য হাৰিয়ানাত আপৰ প্ৰাৰ্থী ৮৮টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ তাৰে এটাতহে দলটোৰ প্ৰাৰ্থী দ্বিতীয় স্থানত থাকিল৷ বাকী ৮৭টা আসনতে আপৰ প্ৰাৰ্থী গোপাত-পাতকৈ হাৰিল৷ সৰ্বত্ৰ আমানতৰ ধন হেৰুৱালে দলটোৰ প্ৰাৰ্থীয়ে৷
অৰ্থাৎ কেজৰিৱালৰ ঘৰতে আপ ডাউন হৈ গ’ল৷
জম্মু-কাশ্মীৰৰো কেবাটাও সমষ্টিত আপে প্ৰাৰ্থী দিছিল৷ তাৰে অৱশ্যে ডোডা সমষ্টিত জিকিল দলটোৰ মেহৰাজ মালিক৷
পিছে হাৰিয়ানাৰ দুৰৱস্থাৰ বাবে আপৰ নেতৃত্বই আত্ম বিশ্লেষণ কৰাৰ দৰকাৰ আছে৷ অন্যথা দিল্লীৰ অহা নিৰ্বাচনত হাৰিলেই ৰাজনীতিত আফৰ ভিকাচন ভাগিব৷
ক্ষমতালোভী নেতাৰ কথাই আপকো ব্যতিক্ৰম মহয় বুলি ভাবিবলৈ জনতাক বাধ্য কৰাইছে৷ সেয়ে আপ সাৱধান হ’বৰ হ’ল৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email