ভাদত প্ৰজননৰ পিছত বাঢ়িছে কুকুৰৰ সংখ্যা

গাঁৱত কোনেও পুহিব নোৱাৰা হৈছে গৰু-ছাগলী৷ কুকুৰে কামোৰাৰ ভয়ত কেবাখনো গাঁৱৰ গঞাই গৰু পুহিবলৈয়েই বাদ দিছে৷ ছাগলী পুহি দুপইচা উপাৰ্জন কৰাৰো মুদা মাৰিছে কুকুৰৰ উপদ্ৰৱে৷ ভাদ মাহ শেষ হোৱাৰ পিছতে গ্ৰামাঞ্চলত বৃদ্ধি হৈছে কুকুৰৰ সংখ্যা৷
এই বিষয়ে আমি গোলাঘাটৰ গ্ৰামাঞ্চলত জৰীপ চলাইছিলোঁ৷ জিলাখনৰ মৰঙী, বৰপথাৰ আদি এলেকাৰ ৰাইজে প্ৰকাশ কৰা অনুসৰি এৰাল দি থোৱা সময়তো কুকুৰে কামুৰিছে কেবাজনী গাই৷ কেৱল বৰপথাৰতে ২৭ জনী গাই কুকুৰে কামুৰি মাৰিছে৷ ইয়াৰ ভিতৰত আকৌ ১৯ জনীয়েই আছিল গাভিনী৷ এইছোৱা সময়তে কুকুৰে কামুৰিছে ৪২টা খাহী ছাগলী৷
ডিব্ৰুগড়তো পৰিস্থিতি অনুৰূপ হৈ পৰিছে৷ টেঙাঘাট আৰু লাহোৱালৰ গঞাই মুঠ ৭৯টা গৰু-ছাগলী কুকুৰে কামুৰি মৰা বুলি আমাৰ ওচৰত প্ৰকাশ কৰিছে৷
নগাঁৱতো ভাদ মাহৰ পিছতে বাঢ়িছে ভতুৱা কুকুৰৰ উৎপাত৷ গঞাই জনোৱা অনুসৰি কেৱল ৰাইডঙীয়াতে কুকুৰে এৰাল দি থোৱা সময়তে কামুৰি মাৰিছে ১১ জনী গাভিনী গাই৷ একেদৰে দৰিদ্ৰ পৰিয়ালে প্ৰতিপালন কৰা খাহী ছাগলীও কুকুৰৰ উৎপাতত পুহিবলৈ এৰি দিছে নগাঁৱৰ লোকে৷
শোণিতপুৰ আৰু বিশ্বনাথতো গৰু-ছাগলী কুকুৰে খোৱা বুলি আমি তথ্য লাভ কৰিছোঁ৷ বিশেষকৈ ভাদত ভাদত প্ৰজনন ঋতুৰ পিছত বৰ্তমান গ্ৰামাঞ্চলত বাঢ়িছে সংখ্যা৷ কুকুৰৰ বংশবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতি জটিল হৈ পৰিছে৷
পোৱালি জগোৱাৰ পিছত মাইকী কুকুৰে খাদ্যৰ অভাৱত গ্ৰামাঞ্চলত ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে৷ খাবলৈ নাপাই গৰু-ছাগলীকে কামুৰিছে কুকুৰে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email