দেৱীপক্ষৰ মাজতে মৌলবাদীৰ উৎপীড়ন

চাকৰিটো ৰক্ষাৰ বাবে স্ব-ধৰ্ম ত্যাগ কৰিবলৈ বাধ্য হৈছে বাংলাদেশী হিন্দু৷ এনিশাতে ৰতন সৰকাৰৰ নাম হৈছেগৈ ৰিজৱান আহমেদ৷ শাৰদীয় বতৰতো বাংলাদেশত বৃদ্ধি হৈছে মৌলবাদীৰ উৎপাত৷ সেনা নিযুক্ত চৰকাৰৰ পৃষ্ঠপোষকতাতে বাংলাদেশত ইছলমিক মৌলবাদীয়ে সংখ্যালঘ হিন্দুক অত্যাচাৰ কৰিছে৷
বিগত সময়ত হিন্দু চাকৰিয়ালক চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ অন্তৰ্ৱতী শাসক মহম্মদ ইউনুছক মৌলবাদী শক্তিয়ে চৰ্ত বান্ধি দিছিল৷ তাৰ পিছতে ৰাষ্ট্ৰধৰ্ম মানি নচলা চাকৰিয়ালক চৰকাৰে কৰিছিল বৰ্খাস্ত৷ পিছে আন্তঃৰাষ্ট্ৰীয় মহলৰ ৰোষত পৰাৰ ভয়ত চৰকাৰে দেখাদেখকৈ হিন্দুক চাকৰিৰ পৰা খেদিব নোৱাৰা হ’ল৷
গতিকে বৰ্তমান হাতে-কামে লাগিছে নিষ্ঠুৰ মৌলবাদী৷ এদিনৰ ভিতৰতে তেওঁলোকে বাংলাদেশৰ চাকৰিয়ালৰ ধৰ্ম সলনি কৰিছে৷ বলপূৰ্বক দলিলত চহী কৰাই চাকৰিয়ালক ত্যাগ কৰাইছে হিন্দু ধৰ্ম৷
চৰকাৰী চাকৰিটো ৰক্ষা কৰিবলৈ মৌলবাদীৰ অবিচাৰ মানি লোৱাৰ বাবে বাধ্য হৈছে বাংলাদেশী হিন্দু৷ তেওঁলোকৰ পৰা মৌলবাদীয়ে কাঢ়ি লৈছে মানৱাধিকাৰ৷
চৰকাৰেও মৌলবাদীৰ কাৰ্যক্ৰমত আওপকীয়াকৈ সহায় কৰিছে৷ শেহতীয়াকৈ বাংলাদেশৰ লক্ষীপুৰৰ এঝন শিক্ষকে ত্যাগ কৰিছে হিন্দু ধৰ্ম৷ জয়পুৰহাটৰ বিমল নামৰ শিক্ষকজনকো ইছলাম গ্ৰহণৰ কবুল কৰাইছে মৌলবাদী শক্তিয়ে৷
দেৱীপক্ষৰ মাজতে বাংলাদেশত ভয়-ভাবুকিৰে ত্যাগ কৰোৱা হৈছে হিন্দু ধৰ্ম৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email