অনুপ চেতিয়া বিদেশতে আছিল৷ ৰাষ্ট্ৰসংঘৰ বৈঠকৰ বাবে জেনেভালৈ গৈছিল আলফাৰ সাধাৰণ সম্পাদকজন৷ বাংলাদেশত গ্ৰেপ্তাৰ হোৱাৰ ইংগিত পাই তেওঁ বহুদিন বিদেশতে থাকি গৈছিল৷ কিন্তু তেতিয়াই ফোন কৰিলে পৰেশ বৰুৱাই৷
অনুপ চেতিয়াক বৰুৱাই ক’লে- আমাক একো কৰা নাই যেতিয়া আপোনাকো একো নকৰে, ঘূৰি আহক৷ একে অভয়বাণী তেওঁক অৰবিন্দ ৰাজখোৱায়ো দিলে৷
আশ্বস্ত হৈ অনুপ চেতিয়া বাংলাদেশলৈ উভতিল৷ কিন্তু প্ৰত্যাৱৰ্তনৰ দিনটোতে অনুপ চেতিয়াক বাংলাদেশৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে৷ পিছে তেতিয়ালৈ ভয় কৰা নাছিল চেতিয়াই৷ কাৰণ সোধা-পোছা কৰি মুক্তি দিব বুলিয়েই অনুপ চেতিয়াই ভাবি আছিল৷
তেতিয়া তেওঁক গ্ৰেপ্তাৰৰ কাৰণ হিচাপে প্ৰদৰ্শন কৰা হৈছিল ভুৱা পাছপ’ৰ্ট উদ্ধাৰ৷ এই গোচৰত জে’লত সোমোৱা চেতিয়াই কিছুদিনৰ পিছতে মুক্তি পোৱাও নিশ্চিত আছিল৷
পিছে মুক্তিৰ পিছতে তেওঁক ভাৰতলৈ প্ৰত্যপৰ্ণ নিশ্চিত আছিল৷ সেয়ে শংকিত চেতিয়াই বাংলাদেশৰ কেবাজনো শীৰ্ষ আৰক্ষী বিষয়াক অনুৰোধ কৰিলে- আৰু কেইদিনমান মোক জে’লতে ৰাখক৷
কিন্তু গোচৰ অবিহনে অনুপ চেতিয়াক কাৰাৰুদ্ধ কৰি ৰখাও সম্ভৱ নাছিল৷ সেয়ে বুদ্ধিটো চেতিয়াই নিজেই দিলে৷ তেওঁ ক’লে- মোৰ হাতত বিদেশী মুদ্ৰা আৰু ছেটেলাইট ফোনো আছে৷ গতিকে এইবোৰো উদ্ধাৰ হোৱা বুলি কে’ছ এটা দি দিয়ক৷
বুদ্ধিমতেই বাংলাদেশী আৰক্ষীয়েই আৰু কেবাটাও কে’ছ চেতিয়াৰ বিৰুদ্ধে ৰুজু কৰিলে৷ কিন্তু সেই বুদ্ধিয়েই চেতিয়াৰ বাবে পিছলৈ হ’লগৈ বিপজ্জনক৷ আটাইকেইটা গোচৰত বন্দী হৈ তেওঁ বাংলাদেশৰ জে’লত থাকিবলগীয়া হ’ল প্ৰায় ১৭ বছৰ৷