অনলাইন কোচিঙত শিকোৱা এটা প্ৰশ্ন ADREৰ পেপাৰত অহা নাই৷ ইউটিউবত অনলাইন কোচিং কৰা প্ৰাশিক্ষাৰ্থী পৰীক্ষাত বিফল হৈছে৷ একেদৰে এ চি ৰূমত বহি আগতীয়াকৈ দিয়া নিৰ্বাচনী ফলাফলো ভুল প্ৰতিপন্ন হৈছে৷ লোকসভা নিৰ্বাচনৰ পিছতো ঘোষণা কৰা এক্সিট প’ল আঠাইবোৰ ভুল হ’ল, হাৰিয়ানাতো নিমিলিলে নিৰ্বাচনোত্তৰ সমীক্ষা৷
পৰহি হাৰিয়ানাৰ এক্সিট প’ল ঘোষণা কৰি কেবাটাও সমীক্ষক সংস্থাই কৈছিল-ৰাজ্যখনত কংগ্ৰেছৰ বিজয়ৰ পথ এইবেলি মসৃণ৷ আনায়াসে কংগ্ৰেছ জিকিব৷ যিদৰে ৰাজ্যখনৰ বিজেপি চৰকাৰে কাষৰীয়া পঞ্জাবৰ কৃষক আন্দোলন দমনৰ চেষ্টা কৰিছিল তেনেক্ষেত্ৰত ৰাজ্যখনৰ জনতাই বিজেপিক ভোট নিদিয়াটো স্বাভাৱিকেই আছিল৷ গতিকে মুখ্যমন্ত্ৰী কোন হ’ব সেয়াও আলোচনা কৰিছিল কংগ্ৰেছে৷
একেদৰে ৰাজ্যখনৰ প্ৰশাসন চম্ভালাত ব্যৰ্থ হোৱাৰ অভিযোগত সলনি কৰা হৈছিল মুখ্যমন্ত্ৰী৷ মনোহৰ লাল খট্টৰক আঁতৰাই নৱাগত নয়াব সিং ছাইনীক মুখ্যমন্ত্ৰী পতা হৈছিল৷ তেওঁ পদত অধিষ্ঠিত হৈ আছিল মাত্ৰ ৫৩ দিন৷
কিন্তু সেইছোৱা সময়তে ছাইনীয় চমৎকাৰ কৰি দিলে৷ ভুল কৰি পেলালে গণনা৷
একেদৰে জম্ম-কাশ্মীৰতো ত্ৰিশংকু বিধানসভা হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল সমীক্ষকে৷ কিন্তু নহ’ল৷ কংগ্ৰেছ-এন চিয়ে ৰাজ্যখনৰ চৰকাৰ গঠনৰ জোখাৰে সংখ্যা অ্জন কৰিলে৷
গতিকে প্ৰশ্ন হৈছে- কিয় ভুল হ’বলৈ ধৰিছে এক্সিট প’ল? সমীক্ষা ব্যৱসায়ীৰ দ্বাৰা নিয়ন্ত্ৰিত নেকি?