কন্যাক একোৱেই নিদিলে ছামীয়ে

বহুদিনৰ পিছত ছোৱালীজনীক লগ পালে মহম্মদ ছামীয়ে৷ বিচ্ছেদিত পত্নীয়ে কাঢ়ি লৈ যোৱা কন্যাক সাবটি হেঁপাহ পলুৱাই কান্দিলে ছামীয়ে৷ মৰম কৰি জীয়ৰীক ছামীয়ে বুকুতে সুমুৱাই ল’লে৷
বৰ্তমান আঘাতৰ পৰা উপশম পোৱা ক্ৰিকেটাৰজনৰ তনয়া আইৰা ছামী থাকে মাতৃ হাছিন জাহানৰ সৈতে৷ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কন্যাই পিতৃৰ পৰা লাভ কৰে খৰচ৷
কিন্তু ছামী আৰু কন্যাৰ আৱেগিক মিলনৰ বিষয়ে অসন্তুষ্টিহে প্ৰকাশ কৰিছে বিচ্ছেদিত পত্নীয়ে৷ ছামীৰ সংগত্যাগ কৰা হাছিন জাহানৰ মতে কন্যা আইৰাৰ পাছপ’ৰ্টৰ ম্যাদ উকলি গৈছিল৷ সেয়ে দৰকাৰ হৈছিল পিতৃৰ স্বাক্ষৰ৷
উক্ত কাৰণতহে কন্যাক বিচ্ছেদিত স্বামীৰ ওচৰলৈ পঠিয়াইছিল বুলি হাছিন জাহানে অভিহিত কৰিছে৷ পিছে ছামীয়ে পাছপ’ৰ্টত চহী নকৰিলে বুলি অভিযোগ কৰিছে হাছিন জাহানে৷
ছামীৰ বিচ্ছেদিত ভাৰ্যাৰ মতে কন্যাই বিচৰা একো বস্তুৱেই পিতৃয়ে নিদিলে৷ ছেগ বুজি কন্যাক নিজে প্ৰচাৰ কৰা ব্ৰেণ্ডৰ শ্ব’ৰূমলৈ লৈ গ’ল৷ তাত সামগ্ৰী কিনিলে ধন খৰচ কৰিব নালাগে বাবে ছামীয়ে বুদ্ধি কৰা বুলিও জাহানে অভিযোগ কৰিলে৷
বিচ্ছেদিত জাহানৰ মতে কন্যাই সাক্ষাতৰ সময়ত ছামীক কেমেৰা আৰু এখন গীটাৰ বিচাৰিছিল৷ কিন্তু ধন খৰচ কৰি কন্যাৰ দাবী পূৰণ কৰিবলৈ ছামী সন্মত নহ’ল৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email