আছুৰ মৰাণ অধিৱেশনৰ কথা৷ তেতিয়া আছুত চলি আছিল প্ৰভুৰ যুটীৰ ৰাজত্ব৷ সৰ্বানন্দ সোণোৱাল আৰু সমুজ্জ্বল ভট্টাচাৰ্যই ইজনে সিজনক প্ৰভু বুলি সম্বোধন কৰাৰ হেতুকে আছুৱেই হৈ পৰিছিল প্ৰভুময়৷
কিন্তু তেতিয়া আছু নিয়ন্ত্ৰণ কৰিবলৈ উঠি-পৰি লাগিল অমিয় কুমাৰ ভূঞা নামৰ নেতাজন৷ গতিকে কোটি টকাৰ ব্ৰীফকেছ গাড়ীত উঠাই তেওঁ মৰাণ পালেহি৷
পিছে ভূঞা সফল নহ’ল৷ দুলীয়াজানৰ NRLৰ অতিথিশালাতে তেওঁক এদল লোকে আবদ্ধ কৰিলে৷ আছুৰ অধিৱেশনৰ বিষয় বাছনি সভাত উপস্থিত হ’ব নোৱাৰিলে অমিয় ভূঞা৷
কিন্তু শেষত মৰাণত উপস্থিত হৈ তেওঁ সোণোৱাল আৰু সমুজ্জ্বলক চৰ্ত বান্ধি দিলে- সভাপতি-সম্পাদক একেই থাকক, কিন্তু কাৰ্যনিৰ্বাহক মোৰ মতে হ’ব লাগিব৷
সেই চৰ্ত মানি ল’লে আছু নেতৃত্বই৷ গতিকে অমিয় ভূঞাৰ কথা মতেই কাৰ্যনিৰ্বাহকত সদস্যভৰ্তি কৰা হ’ল৷ পিছে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত পৰৱৰ্তী বৈঠকত আছুৰ পৰা খেদা খালে অমিয় ভূঞাই৷
আমি এই পুৰণি প্ৰসংগ এটা ৰাজনৈতিক কাৰণত উত্থাপন কৰিছোঁ৷ কাৰণ হৈছে তাহানিৰ সেই আছুনেতা অমিয় ভূঞাই বৰ্তমান বিজেপিৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক৷
কিন্তু অন্দৰ মহলৰ খবৰ অনুসৰি অহা নিৰ্বাচনত অমিয় ভূঞাই বিহপুৰীয়াত টিকট নাপায়৷ ২০২৬ত ইতি পৰিব অমিয়ৰ ৰাজনৈতিক কেৰিয়াৰ৷
নানা কাৰণত তেওঁৰ বিৰুদ্ধে ৰুষ্ট হৈছে বিজেপিৰ শক্তিশালী পক্ষ৷ গতিকে বেলি মাৰ গৈছে অমিয়ৰ কেৰিয়াৰৰ৷