আপোনালোকে সম্ভৱ শ্বাহানুৰ আলমৰ কথা পাহৰিলে৷
পিছে এতিয়া নিশ্চয় শুনিছে নামনিত ১০ জেহাদীৰ গ্ৰেপ্তাৰৰ কথা৷ গতিকে সাম্প্ৰতিক প্ৰেক্ষাপটত আকৌ প্ৰাসংগিক হৈ পৰিছে বৰপেটাৰ চতলা গাঁৱৰ শ্বাহানুৰ৷
বৰ্তমান আকৌ আৰম্ভ হোৱা ইছলামিক জেহাদৰ অসমত মূল নায়ক আছিল এই শ্বাহানুৰেই৷ জামাতুল মুজাহিদীন বাংলাদেশ অৰ্থাৎ JMB নামৰ সংগঠনটোৰ সদস্য শ্বাহানুৰে অসমত আৰম্ভ কৰা জেহাদেই বৰ্তমান ধাৰণ কৰিছে ভয়ংকৰ ৰূপ৷
বৰপেটাৰ চতলা গাঁৱৰ যুৱক শ্বাহানুৰ কিন্তু এতিয়াও পশ্চিমবংগৰ জে’লতে আছে৷ JMBৰ অসম মডেলৰ গুৰি ধৰি ইছলামিক ৰাজ্য গঠনৰ পৰিকল্পনা কৰা শ্বাহানুৰেই আছিল ৰাজ্যৰ প্ৰথম জেহাদী৷
অসমত জেহাদীৰ শ্লিপাৰ চেল সক্ৰিয় হৈ আছে বুলি চোৰাংচোৱাই তথ্য লাভ কৰাৰ সময়ত DGP আছিল খগেন শৰ্মা৷ কিন্তু নানা চেষ্টা কৰিও খগেন শৰ্মাই শ্বাহানৰক ধৰিব নোৱাৰিলে৷ শিয়ালবাগী মাৰি পলাল জেহাদী শ্বাহানুৰ৷
গতিকে তীখৰ পুলিচ বিষয়া খগেন শৰ্মাই এটা বুদ্ধি পাঙিলে৷ তেওঁ সংগী কৰি ল’লে চতলা গাঁৱৰে মুজিবুৰ নামৰ এজন যুৱকক৷ খগেন শৰ্মাক সংগী দিয়া মুজিবুৰো পূৰ্বে জেহাদী সগঠনৰে জড়িত আছিল৷ কিন্তু খগেন শৰ্মাই কৌশলেৰে তেওঁক আৰক্ষীৰ স্পাই হিচাপে তৈয়াৰ কৰিছিল৷
শেষত মুজিবুৰেই শ্বাহানুৰৰ সৈতে যোগাযোগ কৰিছিল৷ তাৰ পিছত মুজিবুৰেই শ্বাহানুৰক ধৰাই দিলে আৰক্ষীক৷ পিছে শ্বাহানুৰ গ্ৰেপ্তাৰ হ’লেও অসমত জেহাদৰ অন্ত নপৰিল৷
এতিয়া তাৰেই প্ৰমাণ হিচাপে গ্ৰেপ্তাৰ হৈছে ১০ মৌলবাদী৷ অৰ্থাৎ অসমক ইছলামিক ৰাজ্য কৰাৰ পৰিকল্পনা চলিয়েই আছে৷