ভুল কৰি পেলালে বিৰোধী মৰ্চাই

হঠাতে নাম সলাই দিলে অসমৰ বিৰোধী মৰ্চাই৷ পূৰ্বৰ বিৰোধী ঐক্যমঞ্চৰ সলনি অসম সন্মিলিত মৰ্চালৈ নাম সলনি কৰা হ’ল বিজেপি বিৰোধী মিত্ৰজোঁটৰ৷
কংগ্ৰেছৰ উপৰি অসম জাতীয় পৰিষদ, ৰাইজৰ দলকে ধৰি ভিন্ন দলৰ সমাৱেশ ঘটা বিৰোধী মৰ্চা স্বাভাৱিকতে অসমৰ শক্তিশালী ৰজনৈতিক পক্ষ৷
কিন্তু ৰাজনীতিৰ সন্ধিক্ষণত বিৰোধী গোটে যিটো নাম বাছনি কৰিলে সেইটোহে অশুভ বুলি ক’ব পাৰি৷
ৰাজ্যসভাৰ অজিত ভূঞা, লুৰীণজ্যোতি গগৈ আদিয়ে নতুনকৈ নামকৰণ কৰা অসম সন্মিলিত মৰ্চাৰ সংক্ষিপ্ত নামটো হৈছে অসম৷ অৰ্থাৎ যেনেকৈ দিল্লীত সকলো বিৰোধী একত্ৰিত হৈ ইণ্ডিয়া মৰ্চা গঠন কৰিছিল, সেই আৰ্হিৰেই অসম গঠন কৰা হৈছে৷
পিছে এই নামটো অসমৰ বিজেপি বিৰোধী ৰাজনীতিৰ বাবে অশুভ বুলি আমি কোৱাৰো কাৰণ আছে৷
কিয়নো এইবাৰেই প্ৰথম নহয়, বিগত সময়তো ৰাজ্যত গঠিত হৈছিল অসম নামৰ এটা ৰাজনৈতিক দল৷ ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম সংগ্ৰামী মঞ্চ নামৰ দলটো গঠনৰ বাবে মূল উদ্যোগ গ্ৰহণ কৰিছিল প্ৰয়াত মনজিৎ মহন্তই৷
সাংবাদিকতাৰ পৰা ৰাজনীতিত পদাৰ্পণ কৰি তেওঁ অসম সংগ্ৰামী মঞ্চ চমুকৈ অসম গঠন কৰিছিল৷ গুৱাহাটীৰ লিলী হোটেলত কেবাদিনীয়া বৈঠকৰ পিছত গঠন কৰা হৈছিল অসম৷ এতিয়া সেই দলটো কেৱল ফে’চবুতকহে জীয়াই আছে৷
আনকি দলৰ প্ৰতিষ্ঠাপক মনজিৎ মহন্তয়ো কংগ্ৰেছত যোগদান কৰিছিল৷ একালত প্ৰফুল্ল মহন্তৰ উপদেষ্টা হৈ থকা মহন্তই কংগ্ৰেছৰ প্ৰতীকতে খেলিছিল নিৰ্বাচন৷
গতিকে এইবাৰ কি হয় ক’ব নোৱাৰি৷ কিন্তু নামটো বৰ এটা শুভ নহয় বুলি ক’ব পাৰি৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email