RSSৰ মতেই হ’ব সভাপতি

অমিত শ্বাহ ঢপলিয়াই ফুৰিছে, কিন্তু কামত অহা নাই৷
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰাৰাজে সিন্ধিয়াকে বিজেপিৰ পৰবৰ্তী সভাপতি পাতিবলৈ মনস্থ কৰিছে৷
মাথো আনুষ্ঠানিক ঘোষণা কৰিবলৈ বাকী আছে৷ বাকী সকলো আনুষ্ঠানিকতা পালন কৰিছে RSSয়ে৷
২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত মোদীয়ে নিষ্ক্ৰিয় কৰি পেলাইছিল বসুন্ধৰাৰাজে সিন্ধিয়াক৷ ৰাজস্থান বিধানসভাৰ শেহতীয়া নিৰ্বাচনতো বিজেপিৰ জয়লাভত বসুন্ধৰাৰাজে সিন্ধিয়াই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল৷
তাৰ পিছটো দিল্লীয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰী পাতিলে প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত ভজনলাল শৰ্মাক৷
বিজেপিৰ নীতিমতে দলৰ সাংসদসকল সভাপতিৰ নিয়ন্ত্ৰণৰ অধীনত থাকে৷ গতিকে সভাপতি হ’লে বিজেপিৰ সাংসদসকলক নিয়ন্ত্ৰণ কৰিব দলৰ সম্ভাৱ্য সভাপতি বসুন্ধৰা ৰাজেই৷
গতিকে বসুন্ধৰাৰ সলনি আন এজনক বিজেপিৰ সভাপতি পাতিবলৈ RSSক বাৰম্বাৰ অনুৰোধ জনাইছে অমিত শ্বাহে৷ এই প্ৰসংগত গৃহমন্ত্ৰীয়ে RSSৰ সদৰ নাগপুৰলৈ কেবাবাৰো যাত্ৰা কৰিছে৷ কিন্তু কোনো কথাই শুনিবলৈ প্ৰস্তুত নহয় মোহন ভগৱত৷
মোদীৰ অনুৰোধ নামানো বুলিও সংঘই ইতিমধ্যে জনাই দিছে৷ সিন্ধিয়াক সভাপতি পাতিবলৈ নিদিলে সঞ্জয় যোশীক মানি ল’বলৈয়ো অমিত শ্বাহ উপদেশ দিছে RSSয়ে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email