হাজাৰ হ’লেও পইচা থকা মানুহ…

নীতি-আদৰ্শ পিছৰ কথা, মূল কথা হৈছে নিৰ্বাচনী বৈতৰণী৷
কথাটো হৈছে,
পাৰ্টী চলাবলৈ পইচা লাগে৷ এতেকে পাৰ্টীত লাগে পইচা থকা মানুহ৷
সেয়ে দোষ-গুণ মাফ কৰি হ’লেও চহকী নেতাক দলৰ সদস্যপদ দিয়াটো জৰুৰী৷ ৰাজনৈতিকভাৱে ভিত্তি নাথাকিলেও পইচা থকা মানুহকহে সদস্য হিচাপে দলত লাগে নেতৃত্বক৷
গতিকে অতীততে একাধিক দোষত অভিযুক্ত হ’লেও ৰাজনৈতিক ইনিংছ আকৌ আৰম্ভ কৰিবলৈ সুযোগ পাইছে জিতেন গগৈয়ে৷ নিজকে কাজিৰঙাৰ ৰজা বুলি ঘোষণা কৰা জিতেন গগৈৰ বৰ্তমান অকণো ৰাজনৈতিক প্ৰভাৱ নাই৷
কাজিৰঙাত চিকাৰৰ অভিযোগতো অভিযুক্ত গগৈ পূৰ্বে আছিল দুবাৰৰ বিধায়ক৷ কিন্তু ধনৱন্ত হোৱাৰ গুণতে তেওঁৰ সকলো দোষ মাফ হৈ গৈছে৷
বোকাখাত নিৰ্মাণ গোট গঠন কৰি দুবাৰ বিধায়ক হোৱা জিতেন গগৈ দীৰ্ঘদিনে ৰাজনীতিত প্ৰায় নিষ্ক্ৰিয় হৈ আছিল৷ কিন্ত হঠাতে এটা দলত যোগ দি তেওঁ অস্তিত্ব জাহিৰ কৰিলে৷
এটা কথা খাটাং, দলটোত নামনিৰ দুলু আহমেদে সৃষ্টি কৰা শূন্যতা পূৰণ কৰাৰ বাবেই ৰঙা দলিচা পাৰি দিয়া হ’ল জিতেনক৷ কাজিৰঙাৰ ৰজা ঐশ্বৰ্যশালী হোৱাৰ সূত্ৰেই দলৰ ঘোৰ জীতয়তাবাদী নেতৃত্বই বৰপীৰা পাৰি দিলে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email