কইনাই পান্ধিব নোৱাৰিব সোণৰ অলংকাৰ

বিবাহৰ বতৰৰ সময়ত অকল্পনীয়ভাৱে দাম বাঢ়িছে সোণৰ৷ হঠাতে স্বৰ্ণৰ বজাৰত ঘটিছে মুদ্ৰাস্ফীতি৷ পৰিপ্ৰেক্ষিতত প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৭৯,০০০ টকালৈ বৃদ্ধি হৈছে৷ অৰ্থাৎ সৰ্বকালৰ ভিতৰতে সৰ্বাধিক হৈছেগৈ স্বৰ্ণৰ দৰ৷
মধ্যপ্ৰাচ্যত যুদ্ধৰ পৰিণতিত আন্ত:ৰাষ্ট্ৰীয় বাণিজ্যৰ পথ ৰুদ্ধ হোৱাৰ লগতে অৰ্থনৈতিক অনিশ্চয়তাৰ ফলত বজাৰত সোণৰ নাটনি হৈছে৷ এতেকে ঊৰ্ধ্বমুখী হৈছে স্বৰ্ণৰ দাম৷ শাৰদ উৎসৱৰ পিছতে বিবাহৰ বতৰ আৰম্ভ হোৱাৰ প্ৰাকক্ষণত সোণৰ বৰ্ধিত চাহিদা কিন্তু এতিয়াই নিম্নমুখী হোৱাৰো সম্ভাৱনা নাই৷
বিশেষজ্ঞৰ মতে হিজবুল্লাৰ পিছত ইজৰাইলৰ সৈতে ইৰানে শিং ধৰাই লোৱাৰ ফলত মধ্যপ্ৰাচ্যৰ মাজেৰে হোৱা সকলো বাণিজ্য স্তব্ধ হৈ পৰিছে৷ সেই পথেৰে বিমান চলাচলো নিষিদ্ধ কৰিছে ইউৰোপীয় দেশে৷ গতিকে চাহিদা অনুসৰি সোণৰ আমদানি হোৱা নাই৷
সমান্তৰালভাৱে গোলকীয় বজাৰ যুদ্ধই অস্থিৰ কৰিব বুলিও কেবাখনো দেশ শংকিত হৈ পৰিছে৷ ফলশ্ৰুতিত ৰাষ্ট্ৰীয় ভাণ্ডাৰৰ সোণ তাৎক্ষণিকভাৱে উলিয়াই দিবলৈ তেওঁলোকে ভয় কৰিছে৷
দুৰ্যোগে গোলকীয় মন্দাৱস্থা সৃষ্টি কৰিলে স্বৰ্ণৰ প্ৰয়োজন হোৱাৰ ভয়ত কম্পমান হৈ আছে ইউৰোপীয় দেশ৷ আনহাতে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধয়ো আনদিশে সংকট অব্যাহত ৰাখিছে৷ এনে নানা কাৰকৰ পৰিণতিত সোণৰ দাম ঊৰ্ধ্বমুখী হৈছে৷
আজি ২২ কেৰেট স্বৰ্ণৰ দাম কেবাখনো চৰত ৭৯ হাজাৰ টকালৈয়ো বাঢ়িছে৷ দিল্লীতে ৭৮ হাজাৰ হৈছেগৈ স্বৰ্ণালংকাৰৰ দৰ৷ সমানে বাঢ়িছে ৰূপৰো দাম৷ প্ৰতিকেজিত ১,০৪৮ টকা দাম বৃদ্ধিৰ পিছত প্ৰায় ৯১ হাজাৰ হৈছেগৈ ৰূপৰ দৰ৷ গতিকে মধ্যবিত্তৰ বাবে অসম্ভৱ হৈ পৰিছে বিবাহৰ আয়োজন৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email