সমগ্ৰ অসমৰ সমস্ত শ্ৰমিক গুৱাহাটীতে গোট খাইছেগৈ৷ গতিকে গুৱাহাটীতে শ্ৰমৰ দাম নোহোৱা হৈছে৷ আগতে মহানগৰীত দিন মজুৰীৰ বাবে শ্ৰমিক পাবলৈ টান হৈছিল৷ পিছে বৰ্তমান উভৈনদী হৈ পৰিছে বনুৱা৷
এতিয়া শ্ৰমিকৰ সৈতে বাসিন্দাই দৰ-দাম কৰিহে কামত নিয়োগ কৰিছে৷ হঠাতে গুৱাহাটীত বনুৱা উভৈনদী হৈ পৰাৰ কাৰণ হৈছে উজনিৰ মিঞা খেদা আন্দোলন৷
বৰ্তমান নেমছু আৰু মুছাৰ দৰে সংগঠনে উজনিলৈ যাত্ৰাৰ পৰা বাৰণ কৰিছে মিঞা মজদুৰক৷ জাতীয়তাবাদী সংগঠনৰ পহুখেদাত কাম এৰি ঘৰলৈ যোৱা মিঞা শ্ৰমিক বাহিৰলৈযো যাবলৈ পৰা নাই৷
গতিকে সকলোবোৰ থূপ খাইছে গুৱাহাটীত৷ কাম বিচাৰি মহানগৰীত একত্ৰিত হৈছে সমগ্ৰ অসমৰ মিঞা মজদুৰ৷ পেটৰ ভোক পূৰণ কৰিবলৈ কাম বিচাৰি মিঞা শ্ৰমিক গুৱাহাটীত পিনপিনাই ফুৰিছে৷
হাতীগাঁৱত মূলতঃ বাহৰ পতা মিঞা মজদুৰবোৰ কাম কমাইছে আন মজদুৰৰ৷ আমি লাভ কৰা খবৰ অনুসৰি হাতীগাঁৱত প্ৰায় ১০ হাজাৰ লোক এইকেইদিনতে নতুনকৈ গোট খাইছে৷ ইয়াৰ সকলো হৈছে উজনিৰ পৰা খেদা খোৱা মিঞা৷
শ্ৰমিকৰ বৰ্ধিত সমাগমৰ পৰিপ্ৰেক্ষিতত হাতীগাঁৱত ঘৰভাৰাও বৃদ্ধি হৈছে৷ আনকি কেবাটাও ৰূমত সংখ্যা অনুসৰি শ্ৰমিকৰ পৰা ধন লোৱা হৈছে৷ প্ৰতিজন মানুহৰ এনিশাৰ ভাৰা হৈছে প্ৰায় ৫০ টকা৷ এইদৰে এটা ৰূমতে প্ৰায় ৪০ জনক থাকিবলৈ দিয়া হৈছে৷