সৰ্বশেষত অসমত বন্ধ হ’ল জলজীৱন মিশ্যন৷ ধনৰ নাটনিৰ বাবে চৰকাৰে JJM সাময়িকভাৱে বন্ধ কৰা বুলি ঘোষণা কৰিলে৷
তথ্য অনুসৰি পুঁজিৰ অভাৱৰ বাবে বিগত তিনিমাহজুৰি অসম চৰকাৰৈ ঠিকাদাৰকো এপইচাও দিব পৰা নাই৷ কাৰণ কেন্দ্ৰই এতিয়াও মুকলি কৰি দিয়া নাই ১৩ হাজাৰ কোটি টকা৷
বৰ্তমান দেশত JJM চলি আছে নদী সম্পদ আৰু উন্নয়ন তথা গংগা পুনৰুজ্জীৱিতকৰণ বিভাগৰ অধীনত৷ সেইসূত্ৰে বিগত সময়ত আঁচনিখনৰ নামত ধন চৰকাৰে সকলো ৰাজ্যকে প্ৰদান কৰিছিল৷ পিছে সম্প্ৰতি পুঁজি আবণ্টন দিল্লীয়ে বন্ধ ৰাখিছে৷
গতিকে অসমতো স্থবিৰ হৈ পৰিছে কাম৷ ঠিকাদাৰে পইচা নোপোৱাৰ পৰিপ্ৰেক্ষিতত কাম বন্ধ ৰাখিবলৈ বাধ্য হৈছে৷
আমি লাভ কৰা খবৰ অনুসৰি অসমৰ এগৰাকী গায়ক আৰু থিয়েটাৰৰ স্বত্ত্বাধিকাৰীয়ে JJMৰ অধীনত লাভ কৰিছিল প্ৰায় ২০০ কোটি টকা ঠিকা৷ দুয়ো মিলি ভিন্ন ঠাইত তৃতীয় পক্ষৰ জৰিয়তে কাম কৰাইছিল৷
গায়কজনে অভিনেত্ৰী তথা থিয়েটাৰৰ গৰাকীৰ সৈতে মিলি কেবাখনো জিলাত ইতিমধ্যে কাম সম্পূৰ্ণ কৰিছে৷ কিন্তু বিল আদায়ৰ পিছতো তেওঁলোকে প্ৰাপ্য ধন পোৱা নাই৷
সেয়ে বৰ্তমান খৰ্গহস্ত হৈ পৰিছে শিল্পী৷ কথাইপতি চৰকাৰৰ বিৰুদ্ধে তেওঁ উজাৰিছে ক্ষোভ৷