ঘৰত আতোল-তোলকৈ ৰখা ল’ৰাটোক হোষ্টেলত থাকিবলৈ নপঠিয়াব৷ কোনোবা আত্মীয়ৰ হোষ্টেল লাইফৰ বিন্দাছ জীৱনৰ কাব্যিক বৰ্ণনা শুনিয়েই ঘৰৰ ল’ৰাটোক হোষ্টেলত থাকিবলৈ নিদিব৷ আমি সঁচাকৈ কৈছোঁ- হোষ্টেলত থাকিবলৈ নিদিব সন্তানৰ আও-ভাও নুবুজা সন্তানক৷
শেহতীয়াকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলত এদল আৱাসীৰ মাজৰ মাৰপিটৰ কথা আপুনি সম্ভৱতঃ শুনিছে৷ কিন্তু তাৰ পূৰ্বে সংঘটিত হোৱা ঘটনাৰ বিষয়ে আপুনি অৱগত নহয়৷
দৰাচলতে অংশগ্ৰহণৰ ইচ্ছা নাথাকিলেও হোষ্টেলৰ নৱাগত ছাত্ৰক মাৰ-পিট কৰিবলৈ বাধ্য কৰাই জ্যেষ্ঠ আৱাসীয়ে৷ তেওঁলোকে নিৰ্বাচনৰ কামত সৰ্বাধিক পৰিশ্ৰমো কৰিব লাগে কনিষ্ঠ ছাত্ৰসকলে৷ ড্যেষ্ঠ নিৰ্দেশ মানি পঢ়া-শুনা এৰি ঢপলিয়াই ফুৰিব লাগে কনিষ্ঠই৷
বৰ্তমানৰ ছিমেষ্টাৰ পদ্ধতিত সঘনাই অনুষ্ঠিত হয় পৰীক্ষা৷ তথাপি হোষ্টেলত সোমোৱা নৱাগত ছাত্ৰই পঢ়িবলৈ সময় নাপায়৷
হোষ্টেল মানেই হৈ পৰিছে অধ্যয়নৰ বধ্যভূমি৷ গতিকে পৰাপক্ষত বৰ্জন কৰক হোষ্টেল৷