স্বাৰ্ত পূৰণতে ব্যস্ত যোৰহাটৰ সাংসদ

প্ৰত্যাশা পূৰণ কৰিব পৰা নাই গৌৰৱ গগৈয়ে৷ অসমৰ বৰোধী ৰাজনীতিৰ সামগ্ৰিক উত্থানৰ পৰিৱৰ্তে ব্যক্তিস্বাৰ্থ পূৰণতে ব্যস্ত হৈ আছে গৌৰৱ৷
যোৰহাটত শাসকৰ জাল ফালি বিজয়ী হোৱা গৌৰৱৰ পৰা অসমৰ ৰাইজে কামনা কৰিছিল নতুন তৰহৰ ৰাজনীতি৷ মেধাৱী আৰু ভদ্ৰ নেতা হিচাপে গৌৰৱক ভোট দিছিল সকলো স্তৰৰ যোৰহটীয়াই৷ কিন্তু বৰ্তমান সেই আশা পূৰণ কৰাত বিফল হৈছে গৌৰৱ৷ তেওঁ কেৱলক নিজৰ ৰাজনৈতিক কেৰিয়াৰৰ সপোন পূৰণ কৰিবলৈহে উঠি-পৰি লাগিছে৷
২০২৬ৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে একাংশ কংগ্ৰেছীয়ে গৌৰৱ গগৈৰ নেতৃত্বত অসমত চৰকাৰ গঠন কৰাৰ সপোন দেখিছে| পিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বিগত দিনৰ গতি-বিধিৰ লক্ষণ মুঠেই ভাল নহয়৷
সন্দেহ নাই গৌৰৱ গগৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এজন ভাল সাংসদ| ভদ্ৰলোক আৰু এজন সু বক্তা হিচাপেও তেওঁ যশস্যা অৰ্জন কৰিছে৷ কিন্তু কাম কাজে প্ৰমাণ কৰিছে- ৰাজ্য অথবা জাতিতকৈ গৌৰৱ গগৈৰ বাবে বেছি গুৰুত্বপূৰ্ণ হৈছে নিজৰ কেৰিয়াৰ|
সেয়ে অসমৰ জ্বলন্ত সমস্যাক লৈ নিতাল মাৰি আছে গৌৰৱে৷ তেওঁ নিজকে অসমৰ সাংসদ হিচাপে প্ৰতিষ্ঠা কৰিব বিচৰা নাই| কেৱল চেষ্টা কৰিছে দেশৰ আগশাৰীৰ সাংসদ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাত|
অহৰহ দিল্লীতে থকা গৌৰৱে অসমলৈয়ো প্ৰায় পিঠি দিছে৷ অনুগামীৰ আশাতো তেওঁ ঢালিছে চেঁচাপানী৷ গতিকে প্ৰশ্ন হৈছে- গৌৰৱ সঁচাকৈয়ে অসমৰ গৌৰৱ হয়নে?

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email