মোদীৰ ছত্ৰভংগ!

অসমৰ মুখ্যমন্ত্ৰী প্ৰমুখ্যে সকলো গ’ল, কিন্ত উপস্থিত নহ’ল প্ৰধানমন্ত্ৰী৷ ৰহস্যজনকভাৱে নিৰ্বাচনুখী ৰাজ্যখনত প্ৰচাৰ চলোৱাৰ পৰা বিৰত থাকিল নৰেন্দ্ৰ মোদী৷ কেবাখনো সভা ইতিমধ্যে সম্বোধন কৰিলেও হাৰিয়ানাত প্ৰচাৰৰ অন্তিমটো দিনত ৰাইজক মোদীয়ে সম্বোধন নকৰিলে৷ ৫ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিতব্য হাৰিয়ানাত ইতিমধ্যে উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী৷ তদুপৰি দলৰ প্ৰাৰ্থীৰ বাবে ভোট বিচাৰি ৰাজ্যখনত প্ৰচাৰ চলাইছে যোগী আদিত্যনাথেও৷ সূচী অনুসৰি প্ৰচাৰৰ অন্তিমটো দিনত হাৰিয়ানাত ব্যস্ত হৈ আছে ৰাহুল গান্ধী৷ কিন্তু লক্ষণীয়ভাৱে হাৰিয়ানাত আজি প্ৰচাৰ নচলালে নৰেন্দ্ৰ মোদীয়ে৷ কিন্তু বিগত সময়ত প্ৰতিখন ৰাজ্যৰে নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনত মোদী উপস্থিত থকাটো বিজেপিৰ বাবে নিয়মতে পৰিণত হৈছিল৷ ২০২১ চনত অসমৰ উপৰি নিৰ্বাচন হোৱা প্ৰতিখন প্ৰদেশৰ প্ৰচাৰৰ অন্তিম দিনত উদ্দাত্ত ভাষণ দিছিল মোদীয়ে৷ কিন্তু এইবাৰ পৰাজয় গোন্ধ পায়েই মোদীয়ে হাৰিয়ানাৰ পৰা ছত্ৰভংগ দিয়া বুলি চৰ্চিত হৈ পৰিছে৷ আনহাতে বৰ্তমান হাৰিয়ানাত বিজেপিৰ পৰাজয় নিশ্চিত বুলি দাবী কৰিছে প্ৰখ্যাত সাংবাদিক ৰাজদ্বীপ সৰদেশায়ে৷ তেওঁৰ বিশ্লেষণ অনুসৰি হৰিয়ানাত বিজেপিয়ে এইবাৰ পাব মাত্ৰ ৩৫ খন আসন৷ কিন্তু কংগ্ৰেছে চমকপ্ৰদ অগ্ৰগতি লাভ কৰিব বুলি অনুমান কৰিছে সৰদেশায়ে৷ একেসময়তে কংগ্ৰেছৰ হৈ প্ৰচাৰ চলাইছে প্ৰাক্তন ক্ৰিকেটাৰ বীৰন্দ্ৰ সেৱাগে৷ তেওঁ টৌছামৰ কংগ্ৰেছ প্ৰাৰ্থী অনিৰুদ্ধ চৌধুৰীৰ হৈ সভাত ভাষণ দিছে৷ গতিকে ৰাজ্যখনত ক্ৰমে আগবাঢ়িছে কংগ্ৰেছ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email