১০০ টকীয়া টিকট কাটি গাড়ী বা বাছৰ মালিক হোৱাৰ সপোনে কোনেও নেদেখাই ভাল৷ কাৰণ ৰাজ্যত যিকোনো ধৰণৰ লটাৰী নিষিদ্ধ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়। এসপ্তাহৰ ভিতৰত সকলো লটাৰী কমিটিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে হাইক’ৰ্টে। কেৱল টিকট বিক্ৰী কৰি পতা লটাৰীয়েই নহয়, অনলাইন ভাগ্য পৰীক্ষাও হাইক’ৰ্টে বন্ধ কৰিছে৷ দামৰ সলনি বৰঙণি বুলি লিখি টিকট বিক্ৰী কৰাও নিষিদ্ধ ঘোষণা কৰা হৈছে৷ কিন্ত এতিয়া প্ৰশ্ন হৈছে- হাউলীৰ ৰাসৰ কি হ’ব? বিগত সময়ত হাউলীৰ ৰাস আছিল সমগ্ৰ অসমৰে আকৰ্ষণ৷ হাউলীৰ ৰাসৰ টিকট ক্ৰয় কৰিবলৈ গ্ৰাহকে কেবাকিলোমিটাৰ দীঘল লাইন পাতিছিল৷ ইউটিউবতো চলোৱা হৈছিল হাউলীৰ ৰাসৰ প্ৰচাৰ৷ কেৱল সেয়াই নহয়- বিভিন্ন স্কুল অথবা মন্দিৰৰ সাহায্যথেও লটাৰী অসমত প্ৰচলিত পন্থা হৈ পৰিছিল৷ হাউলীৰ উপৰি বৰপেটাৰ ৰাসতো পতা হৈছিল লটাৰী৷ যাৰ বাবে বছৰজুৰি অপেক্ষা কৰিছিল ৰাইজে৷ কিন্তু হাইক’ৰ্টৰ নিৰ্দেশ অনুসৰি এতিয়াৰ পৰা লটাৰী পাতিলেই জে’লত সোমাব লাগিব৷ গতিকে কি হ’বলৈ গৈ আছে সেয়া সময়েহে ক’ব৷ কিন্তু লটাৰীত কোনেও সম্ভৱতঃ নাপাব গাড়ী৷