ঐশ্বৰ্য-বৈভৱে অহংকাৰী কৰি তুলিছে তৃপ্তি ডিমৰীক৷ নৱাগত অভিনেত্ৰীগৰাকীয়ে কিছুদিনৰ ভিতৰতে লাভ কৰিছে ধন আৰু যশস্যা৷ ফলত নতুন ধনীৰ দৰে মতলীয়া হৈ পৰিছে তৃপ্তি৷ অনবৰতে অনুৰাগীৰ স্নেহ আৰু ঐশ্বৰ্যই তৃপ্তিক কৰিছে অহংকাৰী৷
গতিকে অনুৰাগীৰ মৰমকো গুৰুত্ব নিদিয়া হৈছে তৃপ্তিয়ে৷ অজস্ৰ অনুৰাগীয়ে স্নেহৰ অলংকাৰ পিন্ধাই গঢ়ি তোলা তৃপ্তিয়ে এতিয়া কাকোৱেই গুৰুত্ব নিদিয়ে৷
শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি জয়পুৰত অনুষ্ঠিত নাৰী শক্তি নামৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছিল তৃপ্তিক৷ অনুষ্ঠানত উপস্থিতিৰ বিনিময়ত তেওঁ বিচাৰিছিল ৫ লাখ টকা৷ চুক্তি অনুসৰি সমুদায় ধন আয়োজকে আদায় দিছিল৷
এনিমেল খ্যাত অভিনেত্ৰীগৰাকী বৰ্তমান নিজৰ পৰৱৰ্তী চিনেমাৰ প্ৰম’শ্যনৰ কামত ব্যস্ত হৈ আছে৷ তাৰ মাজতে জয়পুৰ যাত্ৰাৰ বাবে তেওঁ ধন গ্ৰহণ কৰিছিল৷
পিছে চুক্তি ভংগ কৰি ঊৰ্ধ্বতালি প্ৰদৰ্শন কৰিলে তৃপ্তিয়ে৷ আয়োজকে প্ৰকাশ কৰা অনুসৰি সমুদায় ধন আদায় লোৱাৰ পিছতো তৃপ্তি জয়পুৰলৈ নগ’ল৷
কিন্তু এই অভিযোগ নস্যাৎ কৰিছে তৃপ্তিয়ে৷ নিজকে পেছাদাৰী দায়িত্ববোধৰ প্ৰতি অনুগত বুলি অভিহিত কৰি নাৰী শক্তিৰ আয়োজককহে জগৰীয়া কৰিছে অভিনেত্ৰীগৰাকীয়ে৷