কেতিয়াবা ৰঞ্জন গগৈলৈয়ো মনত পৰে৷
মুখ্য ন্যায়াধীশ হোৱাৰ পিছতে গগৈয়ে দৰ্শন কৰিছিল কামাখ্যা মন্দিৰ৷ একেদিনাই আকৌ অসমলৈ আহিছিল অমিত শ্বাহ৷ তেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকহে গুৰুত্ব দিলে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ লগতে থকা হিমন্ত বিশ্ব শৰ্মায়ো গুৰুত্ব নিদিলে ৰঞ্জন গগৈক৷
মন্দিৰৰ ভিতৰতে আনকি ৰঞ্জন গগৈৰে মুখামুখি হৈছিল সোণোৱালৰ৷ তেতিয়া মুখ্য ন্যায়াধীশক নমস্কাৰ জনাইছিল সোণোৱালে৷ আনকি প্ৰট’কল অনুসৰি নিৰাপত্তাও পোৱা নাছিল গগৈয়ে৷
তাৰ পিছত আকৌ কামাখ্যা দৰ্শনৰ বাবে আহোতে কিন্তু অসম চৰকাৰক উপেক্ষা কৰিছিল গগৈয়ে৷ তেওঁ লগত লৈয়েই আনিছিল CRPFৰ নিৰাপত্তা৷ অসম চৰকাৰৰ সুৰক্ষা নালাগে বুলি কৈ লগত কেন্দ্ৰীয় চৰকাৰৰ সুৰক্ষা বাহিনীক আনি তেওঁ প্ৰদৰ্শন কৰিছিল সাহস৷
সেই ৰঞ্জন গগৈয়েই পিছলৈ সলনি হৈ গ’ল৷ আনকি বহুতে মুখ্য ন্যায়াধীশৰ পদ গগৈয়ে কলংকিত কৰিলে বুলিও ক’বলৈ ধৰিলে৷
পিছে বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হৈ পৰিছিল ন্যায়ৰ অৱতাৰ৷ কিন্তু প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ কৰি ঘৰত গণেশ পূজা আয়োজনৰ পিছত চন্দ্ৰচূড়ৰ প্ৰতিও এচামে টোঁৱাইছে আঙুলি৷
আনহাতে ৰঞ্জন গগৈৰ দৰেই ভগৱান ভক্ত চন্দ্ৰচূড়ে দৰ্শন কৰিছে প্ৰসিদ্ধ তিৰুপতি মন্দিৰ৷ কিন্তু দৰ্শনৰ সময়ত তেওঁক নিৰাপত্তা প্ৰদান কৰিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰে৷