আঁতৰি যাব মোদীৰ হনুমান

ৰামাযণত হনুমানৰ দৰে নহয় মোদীৰ হনুমান৷ প্ৰধানমন্ত্ৰীৰ একান্ত অনুগত হনুমানে নামানে প্ৰভুৰ নিৰ্দেশ৷ পৰিপ্ৰেক্ষিতত আকৌ এটা জোকাৰণিৰ সন্মুখীন হৈছে মোদীৰ চৰকাৰ৷
সমস্যাৰ সৃষ্টি কৰিছে মোদীৰ হনুমান হিচাপেই জনাজাত চিৰাগ পাছোৱানে৷ বিহাৰৰ নেতাজনৰ মতে তেওঁৰ বুকু ফালি দেখুৱালেও ওলাব নৰেন্দ্ৰ মোদীৰ ছবি৷
নিজকে মোদীৰ আজ্ঞাবাহী হিচাপে অভিহিত কৰি চিৰাগ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী৷ LJPৰ নেতা হিচাপে তেওঁ মন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰি আছে৷
পিছে বৰ্তমান NDAৰ সৈতে মিত্ৰতা ভংগ কৰিব বুলি হুমকি দিছে চিৰাগে৷ বানাক্ৰান্ত বিহাৰ পৰিভ্ৰমণৰ সময়ত চিৰাগে ব্যক্ত কৰা অনুসৰি তেওঁ যিকোনো সময়তে বিসৰ্জন দিব মন্ত্ৰিত্ব৷ LJPৰ কৰ্মীক বিজেপিয়ে গুৰুত্ব নিদিলেই মন্ত্ৰিত্বৰ পৰা ইস্তফাৰ ঘোষণা কৰিছে চিৰাগে৷
প্ৰাপ্ত তথ্য অনুসৰি ঝাৰখণ্ডৰ নিৰ্বাচনত LJPক সম্পূৰ্ণ উপেক্ষা কৰিছে বিজেপিয়ে৷ সেয়ে তেওঁ পৰোক্ষভাৱে দিছে ভাবুকি৷ কিন্তু চিৰাগৰ হুমকিলৈ কেৰেপেই কৰা নাই মোদীয়ে৷
আনহাতে বানাক্ৰান্ত বিহাৰ পৰিভ্ৰমণ কৰি সমৰ্থথকক একত্ৰিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে চিৰাগে৷ পিতৃ ৰামবিলাস পাছোৱানৰ দৰেই তেওঁ প্ৰদৰ্শন কৰিছে ৰাজনৈতিক দক্ষতা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email