দলটো শাসনত নাই৷ ১৫ বছৰীয়া শাসনৰ পিছত দলটোক ক্ষমতাৰ পৰা বিতাৰণ কৰিছে ৰাইজে৷ কিন্তু বৰ্তমানলৈ কমা নাই দলটোৰ এচাম নেতাৰ দপদপনি৷
অৰ্ধমৃত হৈ পৰা দলটোৰ ৰাজ্যিক সভাপতিৰ নেতৃত্বতে আৰম্ভ হৈছে পদৰ বজাৰ৷ ১০ৰ পৰা ২০ লাখ টকাত বিক্ৰী হৈছে জিলা সভাপতিৰ পদ৷ লোকসভা নিৰ্বাচনত সামান্য সঞ্জীৱনী শক্তি আহৰণ কৰিয়েই অত্যুৎসাহী হৈ পৰা দলটোৰ কেবাজনো ৰাজ্যিক পৰ্যায়ৰ নেতাই পদৰ ছিণ্ডিকেট পাতিছে৷
লাভ কৰা খবৰ অনুসৰি অসমৰ বৰা আৰু দিল্লীৰ সাথে উপাধিৰ দুজন নেতাই তীব্ৰগতিত কালেকশ্যন চলাইছে৷ দুয়োজনৰ মতে অসমৰ পৰৱৰ্তী চৰকাৰ তেওঁলোকৰ দলৰে হ’ব৷ গতিকে তড়িৎ গতিত সম্প্ৰতি বিভিন্ন জিলাত সভাপতি নিযুক্তি দিয়া হৈছে৷
কিন্তু যোগ্যতাৰ ভিত্তিত কোনেও পদবী লাভ কৰা নাই৷ সকলোৱে পদ লাভ কৰিছে কমিশ্যনৰ হিচাপত৷ দলটোৰ ABCত থকা মুখ্য কাৰ্যালয়লৈ মাহিলী ১০ৰ পৰা ২০ লাখ টকা কমিশ্যন পঠিওৱাৰ চৰ্তত দিয়া হৈছে সভাপতি পদ৷
তেওঁলোকক জনাই দিয়া হৈছে- অহা নিৰ্বাচনলৈ মাহে মাহে সকলোৱে পঠিয়াই থাকিব লাগিব কমিশ্যন৷ অন্যথা তেওঁলোকৰ পৰা কাঢ়ি লোৱা হ’ব সভাপতিত্ব৷
দলটোৰে এজন সাংসদে গণভিত্তি গঢ়িবলৈ কিন্তু অসমত ব্যাপক চেষ্টা চলাইছে৷ একেসময়তে অব্যাহত আছে বৰা আৰু সাথেৰ কমিশ্যনৰাজ৷