সকলো ফালেই বিফল স্মৃতি

মোদীৰ কিচ্ছেন কেবিনেটত এণ্ট্ৰী মাৰিছে কংগনা ৰানাৱটে৷ কিন্তু একেসময়তে আউট হৈ গৈছে স্মৃতি ইৰানী| বিগত সময়ত বৰ দপদপাই থকা ইৰানীৰ বৰ্তমান কোনো খবৰেই নাই|
লোকসভা নিৰ্বাচনত আমেথি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কে এল শৰ্মাৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পিছৰে পৰা মাত-বোল নোহোৱা হ’ল স্মৃতিৰ|
আন কথা বাদেই, হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈয়ো দলে দায়িত্ব নিদিলে স্মৃতি ইৰানীক|
বিজেপিৰ সদস্যভৰ্তি অভিযানৰ বাবে ২০ৰ পৰা ২৬ ছেপ্টেম্বৰলৈ স্মৃতি ইৰানীয়ে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিছিল৷ কিন্তু আমেথিৰ জনতাৰ পৰাও তেওঁ বিশেষ সঁহাৰি নাপালে|
মাত্ৰ ১১৭ জন ব্যক্তিকহে সদস্যভৰ্তি কৰিবলৈ সক্ষম হ’ল বিজেপিৰ হাই প্ৰফাইল নেত্ৰী স্মৃতি| ফলত দলৰ মাজতে তেওঁ সমালোচিত হৈছে|
লোকসভা নিৰ্বাচনৰ পিছত বহু চেষ্টা কৰিছে, কিন্তু স্মৃতি ইৰানীক লগ দিয়া নাই প্ৰধানমন্ত্ৰী মোদীয়ে৷
মহাৰাষ্ট্ৰ আৰু ঝাৰ খণ্ড বিধানসভা নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাতো নাম নাই স্মৃতি ইৰানীৰ| তেওঁক সাক্ষাতৰ অনুমতি নিদিয়াৰ কথা জনাই দিছে মোদীয়ে৷ গতিকে ৰাজনৈতিকভাৱে প্ৰায় ধ্বংস হৈছে ইৰানী৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email