মৰমে কলিজা খায়…

আগতে ঢকুৱাৰ বেৰৰ আঁৰেৰে চাইছিল। এতিয়া ধুমুচেৰে মাৰে কাৰণ একেটাই। প্ৰেম, পৰকীয়া প্ৰেম। বহু সংসাৰ ভাঙি গ’ল, হোমৰ গুৰিৰ শপত শাপ হ’ল। নিজৰ জনী থাকোতে আনৰ জনীলৈ মন গ’ল। পৰকীয়া প্ৰেমৰ বাবেই শেহতীয়াকৈ ৰাজ্যত সংঘটিত হৈছে বহু অকল্পনীয় ঘটনা। দুজনৰ বাবেই

প্ৰাণ গৈছে তিনি নম্বৰজনৰ। বাঢ়িছে হিংসা, হৈছে হত্যা। তিনিকোণীয়া যুঁজত প্ৰাণ হেৰাই গৈছে ইজনৰ পাছত সিজনে। ইয়াৰ প্ৰতিকাৰ আপোনাৰ ওপৰত এৰিলো। কিন্তু কথা হ’ল আমাৰ সাধাৰণ লোকৰ পৰকীয়া প্ৰেমত প্ৰাণ যায় আৰু চেলিব্ৰিটীৰ পৰকীয়া প্ৰেমে বাতৰিত প্ৰাণ পায়। হাৰ্ডিক পাণ্ডিয়া, মহম্মদ ছামী, জনি ডেপ কাৰোৱেই সংসাৰ তিষ্ঠিব পৰা নাই। কিন্তু তাত হত্যা, হিংসা হোৱা নাই। মিউচুৱেল বুজাবুজিৰ মাজেৰেই পৃথক পৃথক হৈছে তেওঁলোক। তাৰ পিছতো ভাঙি পৰা তেওঁলোক নিজৰ নিজৰ কামত ফ’কাচ কৰি আগুৱাই নিছে কেৰিয়াৰ। ইয়াৰ মাজতেই আন এক ডিভৰ্চৰ ঘটনা বেচ আমোদজনক। বিশ্বখ্যাত ফুটবলাৰ আশ্ৰাফ হাকিমিৰ বিচ্ছেদ ঘটিছিল পত্নীৰ সৈতে। বিচ্ছেদৰ পাছত পত্নীয়ে দাবি কৰিছিল হাকিমিৰ আধা সম্পত্তি। কিন্তু চতুৰ হাকিমিয়ে কৰি থৈছিল কোনেও নভবা কাম। আদলতত গৈ ভৰিৰ তলুৱাৰ মাটি সৰি পৰিছিল হাকিমিৰ পত্নীৰ। কাৰণ হাকিমিৰ নিজৰ নামত নাই একো সম্পত্তি। হাকিমিয়ে সকলো সম্পত্তি মাকৰ নামত কৰি থৈছে। এতিয়া  ঘূৰি আহো আমাৰ সমস্যাতোলৈ, মানে অসমৰ সমস্যাতোলৈ। পৰকীয়া প্ৰেমৰ বাবে অসমত আৰু কিমানৰ প্ৰাণ যাব?  এই পৰকীয়া প্ৰেমৰ কেতিয়া অন্ত পৰিব? কেতিয়া পাৰস্পৰিক বুজাবুজি হ’ব? প্ৰেম ভুল হ’ব নোৱাৰে! কিন্তু পৰকীয়া প্ৰেম কিমান গ্ৰহণযোগ্য। তাৰ বাবে তৃতীয়জনৰ জীৱন নাশ কৰাতো আৰু কিমান চলিব?

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email