আহক উভতি চাওঁ,
১৯৭৯ চনৰ ২৭ আগষ্টত ডিব্ৰুগড়ৰ কানৈ কলেজত সদৌ অসম গণ সংগ্ৰাম পৰিষদ গঠন কৰা হৈছিল সভা আয়োজনৰ দায়িত্বত আছিল অতুল কোচ৷ সেইদিনাৰ সভাত আছুৰ লগতে অংশগ্ৰহণকাৰী সংগঠন আছিল PLP, PPTC আৰু সাহিত্য সভা৷
তেতিয়া PLPৰ নেতা হিচাপে অমিততেজা, প্ৰচণ্ড মেধাৰ অধিকাৰী নিবাৰণ বৰায়ো সভাখনত অংশ লৈছিল৷ অহৰহ অসমকে বকুত কঢ়িয়াই ফুৰা নিবাৰণ বৰা সেইসূত্ৰে অসম আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল৷
কিন্তু অসমপ্ৰাণ নিবাৰণ বৰায়ো দিল্লীযাত্ৰাৰ বাবে ইচ্ছা কৰিছিল৷ সেয়া আছিল অসম আন্দোলনৰ পৰৱৰ্তী সময়ৰ কথা৷ ৰাজ্যত যেতিয়া অগপৰ চৰকাৰ গঠিত হৈছিল তেতিয়া নিবাৰণ বৰাক সাংসদ হিচাপে প্ৰেৰণ কৰিবলৈ শুভাকাংক্ষীয়ে চেষ্টা চলাইছিল৷
প্ৰফুল্ল মহন্ত আৰু ভৃগু ফুকনে অসম শাসন কৰি থকা সময়ত ৰাজ্যসভা নিৰ্বাচনৰ প্ৰস্তুতি চলিছিল৷ তেতিয়া অসম আন্দোলনৰ পিতৃপুৰুষ নিবাৰণ বৰাক সাংসদ হিচাপে নিৰ্বাচনৰ প্ৰস্তুতি চলাইছিল এতিয়াৰ দিছপুৰৰ বিধায়ক অতুল বৰাই৷
তেতিয়া পূৰ্বাঞ্চলীয় লোক পৰিষদৰ নেতাজনে নিবাৰণ বৰাৰ সৈতে যোগাযোগ কৰিছিল৷ কিন্তু নিবাৰণ বৰাক প্ৰস্তাৱ দিবলৈ প্ৰেৰণ কৰা হৈছিল অমল বৰা নামৰ লোকজনক৷
তেতিয়া কিন্তু নিবাৰণ বৰাই দূত অমল বৰাক কৈছিল কৈছিল- অতুলহঁতেতো ঠিকেই মোৰ কথা ভাবিছে, কিন্তু অতুলে কি কৰিব?
প্ৰফুল্ল-ভৃগুৱেহে খেল খেলিব
বাস্তৱতো কিন্তু নিবাৰণ বৰাৰ অনুমানেই সত্য প্ৰমাণিত হ’ল৷ ফলত নিবাৰণ বৰা সাংসদ নহ’লগৈ৷ কিন্তু আচৰিতভাৱে আন্দোলনৰ পিতৃপুৰুষ নিবাৰণ বৰাক বঞ্চিত কৰিবলৈ তেতিয়া প্ৰফু্ল মহন্ত আৰু ভৃগু ফুকনৰ সৈতে একত্ৰিত হৈছিল বৃন্দাবন গোস্বামীও৷
যি পিছলৈ বাট কাটিলে অগপৰ বিভাজনৰ৷