সংগ্ৰামী অতীত আছে৷ পূৰ্বে সাহসী বুলিও আছে পৰিচিতি৷ তথাপি দিছপুৰত যতমানে বিলাই-বিপত্তিৰে সন্মুখীন হয় যোগেন মহন৷
যৌৱনত বন্দুকো ধৰা মহনৰ বিভাগৰ কোনো কেলেংকাৰিৰ খবৰ কিন্তু ওলোৱা নাই৷ কিন্তু মন্ত্ৰীজনক বদনামী কৰিছে তেওঁৰ সতীৰ্থই৷
গতিকে প্ৰশ্ন উত্থাপন হৈছে- বিভাগ পৰিচালনাত মহন অক্ষম নেকি? মন্ত্ৰী হোৱাৰ যোগ্যতা নাই নেকি মহনৰ?
বেছিদিনৰ কথা নহয়৷ নাগাৰা নামৰ পাঠিকা কৰিশ্মা নাথৰ ঘৰত ওলাইছিলগৈ এজন লোক৷ সেইজনে ৰাইজৰ সন্মুখতে ঘোষণা কৰিছিল- মন্ত্ৰী যোগেন মহনে কৰিশ্মাৰ ঘৰৰ সন্মুখৰ পথটো নিৰ্মাণ কৰি দিয়াৰ সিদ্ধান্ত লৈছে৷ তেওঁক ব্যক্তিগত সচিব হিচাপে কৰিশ্মাৰ ঘৰলৈ মন্ত্ৰীয়ে প্ৰেৰণ কৰিছে৷
ৰাইজে হাত চাপৰি মাৰি তেওঁক গামোচাও পিন্ধালে৷ কিন্তু পিছতহে গোমৰ ফাক হ’ল- সেইজন আছিল নটৱৰলাল
শেহতীয়াকৈ মহনৰ সহায়কে ভুৱা ৱৰ্ক অৰ্ডাৰ দিও কাৰোবাক ঠিকা দিলে৷ মহনে একো গমেই নাপালে৷
কথাট হৈছে- কেৱল মহনৰ বিভাগ বা তেওঁৰ নাম লৈয়েই প্ৰতাৰণাৰ ঘটনা কিয় ঘটিছে? বিভাগ চলাব নাজানে নেকি মহনে? কেৱল দেওধাই আহোম হোৱাৰ যোগ্যতাতে থম থম মদন গোপাল মন্ত্ৰী হৈ আছে নেকি মহন?
কেৱল যোগেন মহনেই বদনামী হয় কিয়?
