অলপতে ডিব্ৰুগড়লৈ গৈছিল এজন প্ৰাক্তন ছাত্ৰনেতা৷ ছাত্ৰ সন্থাৰ শীৰ্ষ পদৰ পৰা অব্যাহতি লোৱা নেতাজন গৈছিল দুলীয়াজানৰ প্ৰাক্তন সতীৰ্থৰ ঘৰলৈ৷
সেইখিনিলৈ সকলোবোৰ ঠিকেই আছিল৷ আছুৰ শীৰ্ষ পদৰ পৰা প্ৰস্থানৰ পিছত বিজেপিত যোগ দিয়া নামনিৰ নেতাজনে ব্যক্তিগত কাৰ্যসূচীৰে দুলীয়াজানত ওৰেদিন অতিবাহিত কৰিলে৷
তেতিয়া আকৌ ডিব্ৰুগড়তে আছিল সৰ্বানন্দ সোণোৱাল৷ কেন্দ্ৰীয় মন্ত্ৰীজনে সমষ্টি পৰিভ্ৰমণ কৰি নিজৰ ঘৰতে বাহৰ পাতিছিল৷
গতিকে সোণোৱালৰ কথাও জনোৱা হ’ল নামনিৰ নেতাজনক৷ তেৱোঁ একালৰ সতীৰ্থ সোণোৱালক লগ কৰিবলৈ ডিব্ৰুগড় যাত্ৰা চূড়ান্ত কৰিলে৷
কিন্তু তেতিয়াই ঘম:ঘণ্ট লাগি গ’ল৷ কিবা এটা চিন্তা কৰি নেতাজন হঠাতে গাড়ীৰ পৰা নামিলে৷ আকৌ গাড়ীত উঠি ড্ৰাইভাৰক গুৱাহাটীৰ দিশেৰেহে যোৱাৰহে নিৰ্দেশ দিলে৷
কিন্তু প্ৰস্থানৰ পূৰ্বে তেওঁ সতীৰ্থক কৈ গ’ল এটা বিশেষ কথা৷ নেতাজনৰ মতে ২০২৬ত তেওঁ নামনিৰ এটা সমষ্টিৰ পৰা বিজেপিৰ টিকটৰ বাবে আবেদন কৰিব৷ বৰ্তমানপৰ্যন্ত সেই সমষ্টিটোত তেওঁৰে টিকট নিশ্চিত হৈ আছে৷
কিন্তু যদি সোণোৱালক সাক্ষাৎ কৰে তেন্তে কটা যাব পাৰে টিকট৷ সোণোৱালক লগ ধৰাৰ খবৰ পালেই প্ৰভাৱশালী মহলে তেওঁৰ আশাত চেঁচাপানী ঢালি দিব৷ গতিকে তেওঁ ৰিস্ক নল’লে৷
সোণোৱালক লগ নধৰাকৈয়ে দুলীয়াজানৰ পৰা ঘৰলৈ গ’লগৈ নেতাজন৷