বাংলাদেশৰ জে’লৰ পৰা বিধানসভালৈ যাব কোন?

চাবুৱা অথবা মাকুম- এই দুটা সমষ্টিৰ যিকোনো এটাৰ পৰা নিৰ্বাচন খেলিব গোলাপ বৰুৱাই৷
ৰ’ব, আপোনালোকে সম্ভৱ ২০২৬ৰ নিৰ্বাচনী প্ৰাৰ্থী গোলাপ বৰুৱাক চিনি পোৱা নাই৷
তেন্তে শুনক, গোলাপ বৰুৱাই হৈছে আপোনালোকে চিনি পোৱা আলফা নেতা অনুপ চেতিয়া৷ এতিয়া নিশ্চিত হৈছে- আলফাৰ একালৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কেইদিনমানৰ পিছতে অসম গণ পৰিষদত যোগদান কৰিব৷ আঞ্চলিকতাবাদৰ শ্ল’গান দি অগপলৈ গ’লেও চেতিয়াৰ ৰাজনৈতিক যাত্ৰাৰ গোপন উদ্দেশ্য আছে৷
দিল্লীৰে চুক্তিৰ পিছত গুৱাহাটীতে শুই-বহি থকা অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়াৰ সৈতে বন্ধ কোঠাত বিজেপিৰ এটা পক্ষই বৈঠক অনুষ্ঠিত কৰিছিল৷ সেই সূত্ৰৰ খবৰ অনুসৰি বিজেপিত চামিল হৈ যে অসমত ৰাজনীতি কৰিব নোৱাৰে সেই কথা জনাই দিছে ৰাজখোৱা আৰু চেতিয়াই৷
গতিকে সমাধানসূত্ৰ হিচাপে বিজেপিৰ এজন সৰ্বশক্তিমান নেতাই ৰাজখোৱা আৰু চেতিয়াক অগপত যোগদানৰ পৰামৰ্শ প্ৰদান কৰিছে৷ সেই পৰামৰ্শ স্বীকাৰ কৰিয়েই চেতিয়াই নিশ্চিত কৰিছে যোগদান৷
প্ৰধানতঃ নিৰ্বাচনী যুঁজত পৰোক্ষভাৱে বিজেপিক সহায় কৰিবলৈ জাতীয়তাবাদী নেতা হিচাপে নিৰ্বাচনত অৱ্তীণ হ’ব অনুপ চেতিয়া৷ অগপৰ হৈ ৰণত অৱৰ্তীণ হোৱাৰ পিছত মিত্ৰদলক সহায় কৰিব চেতিয়াই৷
গতিকে অনুপ চেতিয়াৰ বাবে অগপ-বিজেপি মিত্ৰজোঁটে বিচাৰি উলিয়াইছে চাবুৱা অথবা মাকুম সমষ্টি৷ বৰ্তমান চাবুৱাত অগপৰে পোনাকণ বৰুৱা বিধায়ক হৈ আছে৷ গতিকে সম্ভৱতঃ মটক প্ৰধান সেইটো সমষ্টিতে অৱৰ্তীণ হ’ব অনুপ চেতিয়া৷
আনহাতে দলত যোগদান কৰিলেও নিৰ্বাচনত অৱৰ্তীণ হোৱাৰ ইচ্ছা কৰা নাই অৰবিন্দ ৰাজখোৱাই৷ পৰাজয়ৰ ভয়ত ঘৰুৱা মাহমৰা সমষ্টিচ প্ৰতিদ্বন্দ্বিতা কৰাৰ পক্ষপাতি নহয় ৰাজখোৱা৷
কিন্তু বাংলাদেশৰ জে’লৰ পৰা অনুপ চেতিয়াই বিধানসভাত প্ৰৱেশ কৰিবলৈ এঘড়ী যুঁজিব৷ জাতীয়তাবাদৰ শ্ল’গান দি বিজেপিৰ হৈ কাম কৰিব আলফা অনুপ ওৰফে গোলাপ বৰুৱাই৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email