এটা কাহিনী শুনি লওক,
ৰং নাম্বাৰে ৰং সানিছিল চেণ্টুদাৰ মনত৷ অচিনাকি নম্বৰৰ ফোনকলটোত স্পষ্টকৈ তেওঁ একো শুনা নাছিল, কিন্তু শুনিছিল টকাৰ ভাণ্ডাৰ এটাৰ কথা৷ গতিকে সংগী-সাৰথিৰে বিশেষ ঠিকনালৈ চেণ্টুদাই কৰিছিল দু:সাহসিক যাত্ৰা৷
শয়নে-সপোনে মাত্ৰ টকাই দেখা চেণ্টুদাৰ স্বপ্ন পিছে পূৰ্ণ নহ’ল৷ তেওঁ বিচাৰি পালেগৈ এপিঠিত ছপোৱা জালনোটহে৷ সংক্ষেপে এয়াই হৈছে প্ৰখ্যাত গল্পকাৰ বৈদূৰ্য বৰুৱাৰ লালবাংলাৰ ম’বিলৱালা নামৰ সংকলনৰ বৰ্ণনা৷
পিছে মোদীৰ ৰাজ্য গুজৰাটত সংঘটিত শেহতীয়া ঘটনাই কিজানি চেণ্টুদাৰো পিলাই চমকাই দিব৷
ঘটনাৰ বিৱৰণী অনুসৰি আহমেদাবাদত দুষ্টচক্ৰই জালনোট সৰবৰাহ কৰা বুলি প্ৰশাসনে সম্ভেদ পাইছিল৷ গতিকে তালাচী চলাই সৰবৰাহকাৰীক নকল টকাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে৷ সেইখিনিলৈ সকলো ঠিকেই আছিল৷ আন সাধাৰণ জালনোট সৰবৰাহৰ গোচৰৰ দৰেই বিষয়টোৰ তদন্ত কৰিছিল আৰক্ষীয়ে৷
কিন্তু জালনোটৰ বাণ্ডিল খুলি চোৱাৰ পিছতহে সকলো হতবাক হ’ল৷ কাৰণ নকল ৫০০ টকীয়াবোৰত মহাত্মা গান্ধীৰ পৰিৱৰ্তে আছিল অভিনেতা অনুপম খেৰৰ ফটো৷ কেশহীন মূৰৰ বাবে দুৰ্বৃত্তই জাতিৰ পিতাৰ পৰিৱৰ্তে বলীউডৰ অভিনেতাজনৰে ফটো নোটত ছপাই দিলে৷
অৱশ্যে বিসংগতিৰ ইয়াতে অন্ত পৰা নাই৷ জালনোটবোৰত ভাৰতীয় ৰিজাৰ্ভ বেংক বুলিও শুদ্ধকৈ লিখিব নোৱাৰিলে দুৰ্বৃত্তই৷ তাৰ সলনি লিখিলে ৰিজ’ল বেংক অৱ ইণ্ডিয়া৷
অলগদ্ধ দুৰ্বৃত্তই ছপোৱা নোট দেখি সকলো হ’ল হতবাক৷