হঠাতে এদল যুৱক-যুৱতীৰ হুৱাদুৱা লাগিল৷ স্থানীয় বিধায়কে তলব কৰাৰ পিছতে তেওঁলোকে যেনেকৈ আছিল তেনেকৈয়ে ঢাপলি মেলিলে৷ বিধায়কৰ ঘৰ হঠাতে লোকে-লোকাৰণ্য হৈ পৰিল৷
এই পৰিৱেশৰ সৃষ্টি হৈছিল ২০০০ চনত৷ প্ৰফুল্ল মহন্ত চৰকাৰৰ অন্তিম সময়ত বহিছিল চাকৰিৰ বজাৰ৷ অপাৰেশ্যন ব্লেক ব’ৰ্ড অৰ্থাৎ OBB নামৰ আঁচনিৰ অধীনত তিনিদিনৰ ভিতৰতে চৰকাৰে চাকৰি দিছিল প্ৰায় ৪০ হাজাৰ শিক্ষত নিবনুৱাক৷ অগপৰ আমোলত প্ৰথমবাৰলৈ একেলগে শিক্ষকৰ চাকৰি পাইছিল সৰ্বাধি নিবনুৱাই৷
তেতিয়া বুদ্ধিজীৱী হোমেন বৰগোহাঞিয়ে লিখিছিল- আল্লাদ্দিনৰ যাদুকৰী চাকিৰ জীনেও পইচা নিদিয়াকৈ চাকৰি নোপোৱা এজনো যুৱক-যুৱতী বিচাৰি উলিয়াব নোৱাৰে!
কিন্তু অগপৰ পতনৰ পিছতে হাহাকাৰ লাগিল নতুন শিক্ষকৰ৷ কাৰণ তেওঁলোকৰ পদবী আছিল ঠিকাভিত্তিক৷ চাকৰিৰো আইনী বৈধতা নাছিল৷ দৰমহাও আছিল সীমিত৷ গতিকে বহুতৰে চাকৰি গ’ল৷ কিন্তু কেইজনমানে চাকৰি অব্যাহত ৰাখিলে৷ তেওঁলোকে অৱশ্যে পিছলৈ লাভ কৰিলে স্থায়ী শিক্ষকৰ মৰ্যাদা৷
তেওঁলোকৰ পিছত তৰুণ গগৈৰ আমোলত বৃহৎ মাত্ৰাত প্ৰথম চাকৰি দিছিল তেতিয়াৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ প্ৰথমে দিছিল লেবৰেটৰী টেকনচিয়ানৰ চাকৰি৷ পিছলৈ শৰ্মাই দিলে টেটৰ জৰিয়তে বিপ্লৱৰ সূচনা কৰিলে৷
এইবাৰ শৰ্মাৰ মুখ্যমন্ত্ৰিত্বত চলি আছে নিযুক্তি পৰীক্ষা৷ সামান্য হ’লেও সকাহ পাইছে শিক্ষিত নিবনুৱাই৷ মুখ্যমন্ত্ৰীয়ে দিয়া নিশ্চিতি অনুসৰি এইবাৰ পৰীক্ষাত অভাৰলেপিং নহয়৷
OBB, মণিসেনা আয়োগৰ চাকৰিৰ পিছত এইবেলি সংস্থাপন লাভৰ পট প্ৰশস্ত কৰিছে হিমন্ত চৰকাৰে৷ যি সম্ভৱতঃ সলনি কৰিব ৰাজ্যৰ অৰ্থনৈতিক প্ৰেক্ষাপটো৷