টাৰ্গেট ভূপেন বৰা,
সম্প্ৰতি ভূপেন বৰাৰ বিৰুদ্ধে জ্বলি-পকি উঠিছে দিল্লী৷ গতিকে সোনকালেই ৰাজধানীলৈ তলব কৰা হ’ব প্ৰদেশ কংগ্ৰেছৰ সভাপতিক৷ মল্লিকাৰ্জুন খৰ্গেই ভূপেনক ককৰ্থনা কৰিব বুলি নিশ্চিত খবৰ দিছে প্ৰদেশ কংগ্ৰেছৰে এটা ফৈদে৷ কাশ্মীৰৰ নিৰ্বাচনী ব্যস্ততাৰ বাবে সময় নাপালেও এইসপ্তাহতে খৰ্গেই দিল্লীলৈ তলব কৰিব ভূপেনক৷
কথাটো হৈছে- কিছুদিন পূৰ্বে অসমৰ ছেমি-কণ্ডাক্টৰ প্ৰকল্পক লৈ কংগ্ৰেছ সভাপতিৰ পুত্ৰ প্ৰিয়াংক খৰ্গেই লঘু মন্তব্য কৰিছিল৷ এই বিষয়টোৰে সুযোগ লৈছে বিজেপিয়ে৷ কংগ্ৰেছক অসম বিদ্বেষী বুলি দলটোৱে প্ৰচাৰ কৰিছে৷
উক্ত বিষয়ক লৈ সৰৱ হৈ আছে কেৱল গৌৰৱ গগৈ৷ যোৰহাটৰ সাংসদজনেহে প্ৰিয়াংক খৰ্গেক নিৰ্দোষ বুলি অভিহিত কৰি সংবাদ মাধ্যমত স্পষ্টীকৰণ দিছে৷
ৰহস্যজনকভাৱে প্ৰদেশ কংগ্ৰেছৰ কোনো শীৰ্ষ দায়িত্ববাহী বিষয়াই এই সন্দৰ্ভত জোৰকৈ মাত এটাও মতা নাই৷ নিবোকা চামোনৰ দৰে বিজেপিৰ প্ৰচাৰত সাৰ-পানীহে দি আছে ভূপেনে৷
কংগ্ৰেছৰ ৰাষ্ট্ৰীয সভাপতিৰ পৰিয়ালক বিজেপিয়ে অসমৰ প্ৰতি বিদ্বেষী বুলি অভিহিত কৰিছে৷ কেবাখনো থানাত বিজেপি নেতাই দাখিল কৰিছে এজাহাৰ৷ তথাপি ভূপেন বৰা নিশ্চুপ হৈ আছে৷
পূৰ্বৰ দৰেই বিজেপিক অগ্ৰগতি ল’বলৈহে যেন সুবিধা কৰি দিছে ভূপেনে৷ ৰাইজক পতিয়ন নিয়াব পৰাকৈ যে APCCৰ সভাপতিয়ে একো কোৱা নাই সেই কথা দিল্লীত জনোৱা হৈ গৈছে৷
গতিকে ভূপেনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নেতৃত্ব হৈ পৰিছে অগ্নিশৰ্মা৷ সম্ভৱতঃ এই বিষয়টোক লৈয়েই এইবাৰ চকী যাব ভূপেনৰ৷