থানা নহয় যেন গাড়ী পাৰ্কিংহে,
ডিব্ৰুগড় থানাত খালী জেগা আৰু নাই৷ পাৰ্কিঙৰ দৰে লাইন লাইনকৈ গাড়ী ৰাখি থোৱা আছে সদৰ থানাত৷
পুলিচ ভেন অথবা ব্যক্তিগত গাড়ী ৰাখিবলৈয়ো থানাত অকণো ঠাই নাই৷ কাৰণ খালী ঠাইত থোৱ হৈছে বন্দী নৰ্তকী চুমি বৰা আৰু বিশাল ফুকনৰ বিলাসী গাড়ীবোৰ৷
গ্ৰেপ্তাৰৰ পিছত চুমি আৰু বিশালৰ সকলো গাড়ী পুলিচে জব্দ কৰিছে৷ ফৰ্ছুনাৰ, এম জি হেক্টৰ, কিয়া ছেল্ট’ছকে ধৰি ৯ খন গাড়ী চুমি আৰু বিশালৰ পৰা কাঢ়ি লৈছে আৰক্ষীয়ে৷
গোচৰৰ তদন্তৰ বাবে বিশালে চুমিক উপহাৰ দিয়া গাড়ীকেইখন ন্যায়িক জিম্মাত ৰখা হৈছে৷ মাককো বিশালে উপহাৰ দিয়া এম জি হেক্টৰখনো বাজেয়াপ্ত কৰিছে আৰক্ষীয়ে৷
এই ৯ খন গাড়ী ডিব্ৰুগড় পুলিচৰ বাবে হৈ পৰিছে হাড়মালৰ দৰে৷ গোচৰৰ তদন্তত প্ৰয়োজন হ’লে প্ৰদৰ্শন কৰিব পৰাকৈ গাড়ীকেইখন সুৰক্ষিতভাৱে ৰাখিবলৈয়ো আৰক্ষী বাধ্য হৈছে৷
কিন্তু থানাখনত খোজ দিবলৈ ঠাই নোহোৱা হৈছে৷ পথৰ দাঁতিতো ৰখাবলগীয়া হৈছে জব্দ কৰা গাড়ী৷
জে’ললৈ পঠিওৱাৰ পিছতো চুমি আৰু বিশালে আৰক্ষীক শান্তি দিয়া নাই৷ দা-ৰে নহ’লেও গেদিৰে মাৰিছে ডিব্ৰুগড় পুলিচক৷