সন্তানক নকয় অতীতৰ কাহিনী

ছানী লিঅ’নীৰ চিন্তা হৈছে,
সন্তান ডাঙৰ হৈ অহাৰ লগে লগে চিন্তা বাঢ়িছে ছানীৰ
বুজন হৈ উঠাৰ পিছত সন্তানে তেওঁৰ পুৰণি চিনেমাবোৰ চাই বুলি উদ্বিগ্ন হৈ পৰিছে আবেদনময়ী অভিনেত্ৰীগৰাকী৷
আচলতে ভাৰতলৈ অহাৰ পূৰ্বে ছানী আছিল নীলা ছবি উদ্যোগৰ অভিনেত্ৰী৷ কানাডাত জন্মা ছানীয়ে অসংখ্য অভিসাৰৰ চিনেমাত অভিনয় কৰিছে৷ বিদেশৰ নীলা চিনেমাৰ ব’ল্ড অভিনেত্ৰীগৰাকীয়ে কিন্তু মাজতে পূৰ্বৰ কথা পাহৰি পেলাইছিল৷
কিন্তু সন্তান ডাঙৰ হৈ অহাৰ লগে লগে এতিয়া পূৰ্বৰ কথাবোৰে আমনি কৰিছে ছানীক৷ অৱশ্যে কাৰণ আন একো নহয়৷ সন্তানে তেওঁৰ পূৰ্বৰ অভিসাৰৰ দৃশ্যাৱলী দেখে বুলিহে চিন্তিত হৈ পৰিছে ছানী৷
কানাডাৰ নীলা ছবিৰ উদ্যোগ এৰি ভাৰতত প্ৰতিষ্ঠা লাভ কৰা ছানী বৰ্তমান তিনিটি সন্তানৰ মাতৃ৷ তেওঁৰ তিনিও সন্তানে লাহে লাহে চিনেমা চাবলৈ শিকিছে৷
গতিকে তেওঁৰ অতীতৰ চিনেমাবোৰ সন্তানে চাবলৈ ইচ্ছা কৰে বুলি উদ্বিগ্ন হৈ পৰিছে ছানী৷ মাকৰ উলংগ অভিনয় দেখি সন্তান বিভ্ৰান্ত হয় বুলিও ছানীয়ে শংকা প্ৰকাশ কৰিছে৷
অভিসাৰৰ দৃশ্য সন্তানৰ পৰা লুকুৱাবলৈ চেষ্টা কৰিছে ছানীয়ে৷ সেয়ে তেওঁ সন্তানৰ পৰা গোপন কৰিছে নিজৰ অতীত৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial