ভৰতলৈ আহিছে মৰাশ সৈতে ৰখা মাছ

ইলিছ কিয় পঠিয়াইছে বাংলাদেশে?
মানুহৰ মৃতদেহৰ সৈতেই ইলিছ ৰাখিছে নেকি বাংলাদেশে?
হঠাতে ভাৰতলৈ বাংলাদেশে ইলিছ মাছ প্ৰেৰণণ কৰাৰ কাৰণ আছে৷ আচলতে বাংলাদেশত ভয়ংকৰ নাটনি হৈছে বিদ্যুতৰ৷ এইটোৱেই ভাৰতলৈ ইলিছ প্ৰেৰণৰ একমাত্ৰ কাৰণ৷ কিন্তু বিদ্যুতৰ সৈতে ইলিছৰ কি সম্পৰ্ক?
এই প্ৰশ্নৰো উত্তৰ আছে
বিগত সময়ত পদ্মা নৈত মৎস্যচিকাৰ কৰি ধৰা ইলিছ হিমগৃহত চৰকাৰীভাৱে সংৰক্ষণ কৰা হৈছিল৷ বৰফৰ মাজত ৰখা ইলিছ পঠিওৱা হৈছিল ভাৰতলৈ৷ ঢাকাৰ পৰা কলকাতা হৈ সোমোৱা বিদেশী মাছ কেবাখনো ৰাজ্যতে বিক্ৰী হৈছিল৷
পিছে বিদ্যুতৰ অভাৱৰ বাবে বন্ধ হৈ পৰিছে হিমগৃহ৷ শীতল ভঁৰালত মাছ ৰাখিব পৰা নাই ঢাকা প্ৰশাসনে৷
দেশখনৰ সংবাদ পত্ৰত প্ৰকাশিত খবৰ অনুসৰি উপায়ন্তৰ প্ৰশাসনে হাস্পতালৰ মৰ্গত ৰাখিছে ইলিছ৷ নদীৰ পৰা ধৰাৰ পিছতে সতেজ ইলিছ মৃতদেহ ৰখা মৰ্গত ৰখা হৈছে৷ বিভিন্ন হাস্পতালৰ মৰ্গৰ পৰা মানুহৰ মৃতদেহ উলিয়াই সংৰক্ষণ কৰা হৈছে দামী ইলিছ মাছ৷
সেই ইলিছেই ভাৰতলৈ বাংলাদেশৰ পৰা প্ৰেৰণ কৰা হৈছে৷ বিদ্যুৎ সংকটৰ জোৰা মাৰিবলৈ মৰ্গৰ পৰা উলিয়াই কলকাতালৈ ইলিছ পঠিয়ায়েই আছে বাংলাদেশৰ চৰকাৰে৷ সেই মাছৰে সুস্বাদু ব্যঞ্জন খাইছে ভাৰতৰ ভোজনবিলাসীয়ে৷
কিন্তু এই ইলিছ খালেই হ’ব পাৰে বিপদ৷ জিভাৰ জুতি ল’বলৈ বাংলাদেশৰ ইলিছৰ সুস্বাদু ব্যঞ্জন ভক্ষণ কৰিলে মাৰাত্মক ৰোগতো আক্ৰান্ত হ’ব পাৰে ভোজনবিলাসী৷ গতিকে নাখাব বাংলাদেশী ইলিছ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email