গণ পদত্যাগ কৰিব এদল বিধায়কে,
হয়, অসমৰ ৰাজনীতিত শীঘ্ৰে সংঘটিত হ’ব এই অঘটন৷ লোকসভা নিৰ্বাচনে প্ৰভাৱহীন কৰি তোলা এজন নেতাৰ অনুগত বিধায়কসকলে সলনি কৰিব দল৷
বৰ্তমানৰ প্ৰেক্ষাপটত অসম্ভৱ যেন লাগিলেও অহা ছমাহৰ ভিতৰতে দলত্যাগ কৰিব AIUDFৰ বিধায়কসকলে৷ অসমৰ পৰা পৃষ্ঠভংগ দি বদৰুদ্দিন আজমলে ডুবাই যাত্ৰা কৰাৰ পিছত বিধায়কসকল ৰাজনৈতিকভাৱে হৈ পৰিছে অভিভাৱকহীন৷
ৰাজনৈতিকভাৱে অনাথ হোৱা বিধায়কসকলে ৰাজীৱ ভৱনৰ সৈতে ঘনাই যোগাযোগ কৰিছে৷ আজমলে যিহেতু ডুবাইতে প্ৰায় আত্মগোপন কৰিছে সেয়ে তেওঁলোকে কোনো দলীয় সিদ্ধান্তও গ্ৰহণ কৰিব পৰা নাই৷
গতিকে সেইসকলে সমূহীয়াভাৱে কংগ্ৰেছত যোগদানৰ সিদ্ধান্ত লৈছে৷ পূৰ্বে কেৱল আজমলৰ মোল্লা ৰাজনীতিৰ চুম্বকীয় শক্তিত চলি থকা AIUDFৰ হৈ তেওঁলোকে প্ৰতিদ্বন্দ্বিতা নকৰিবলৈ মনস্থ কৰিছে৷
সমষ্টিত উগ্ৰ প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সন্মুখীন হোৱা AIUDF বিধায়কসকল সম্প্ৰতি হৈ পৰিছে স্থিতিহীন৷ বহুদিন চেষ্টা কৰিও তেওঁলোকে ডুবাইত থকা আজমলৰ সৈতে যোগাযোগ কৰিব পৰা নাই৷
সম্ভেদ অনুসৰি সোণাপুৰৰ কচুতলিৰ উচ্ছেদস্থলী পৰিদৰ্শনৰ বিষয়তো আজজমলৰ মতামত বিচাৰিছিল AIUDFৰ বিধায়কৰ দলে৷ কিন্তু আজমলে তেওঁলোকৰ প্ৰতি কৰ্ণসাৰেই নকৰিলে৷
ধুবুৰীত হাৰি পলায়ন কৰা আজমলে অসমৰ ৰাজনীতিৰ পৰাই প্ৰস্থান কৰিছে৷ লঘু-লাঞ্জনাৰ পিছত ৰাজনীতি কৰিবলৈয়ো মন নোযোৱা হৈছে আজমলৰ৷